ওদালগুৰিৰ পৰা ৰিজুল হক
সমগ্ৰ অসম বানৰ কৱলত ককবকাই থকাৰ সময়তে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ পাৰ্শ্বৱৰ্তী খাম্পাহালাত নিৰ্মাণৰ এবছৰ পূৰ্ণ নৌহওঁতেই বানত ভাগিল এখন দলং। ৰাইজৰ বহুদিনীয়া দাবী আৰু প্ৰতিবাদৰ পিছত অসম চৰকাৰৰ পঞ্চম বিত্তীয় আয়োগ ২০১৭-১৮ বৰ্ষৰ অধীনত ষাঠি লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলংখন নোৱা নদীৰ মথাউৰি ছিগি অহা বানৰ তীব্ৰ সোঁতত ভাগি পৰে।
কলাইগাঁও সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়োই বিটিচিৰ ইএম জগদীশ সৰকাৰক লগত লৈ ২০১৮ চনৰ ২৭ এপ্ৰিল তাৰিখে আধাৰশিলা স্থাপন কৰা কলাইগাঁও-বেংবাৰী মেকেঞ্জী পথৰ দাঁতিত মা কামাখ্যা খাম্ফাহালা দেৱালয়লৈ যোৱা দলংখন উদ্বোধন কৰিছিল। কিন্তু এবছৰ পাৰ নৌহওঁতেই দলংখন ভাগি পৰাত গড়কাপ্তানী বিভাগ আৰু ঠিকাদাৰে মিলি নিম্ন মানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা বুলি কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে উক্ত অভিযোগ কৰে।
- Log in to post comments
- 72 views