লখিমপুৰত জাপানীজ এনকেফেলাইটিছ ৰোগত পাঁচ বছৰীয়া শিশুৰ মৃত্যু

jnk

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ : 
লখিমপুৰ জিলা স্বাস্থ্য বিভাগে স্বাস্থ্য বিষয়ত জনসাধাৰণৰ মাজত সজাগ সচেতনতা সৃষ্টি কৰাৰ ক্ষেত্ৰত কৰা গাফিলতি তথা দায়িত্বহীনতাৰ বাবে দুঘৰীয়া গাঁৱৰ কণমানি শিশু ৰূপজ্যোতি মিলি(৫) ৰ  জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ দেওবাৰে নিশা ডেৰ বজাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় । জনামতে লখিমপুৰ জিলাৰ পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত লোহিত খাবলু গাঁও পঞ্চায়তৰ দুঘৰীয়া গাঁৱৰ নিবাসী পুলি মিলিৰ একমাত্ৰ পুত্ৰ কান্ধমৰা অংগনৱাড়ী কেন্দ্ৰৰ শিক্ষাৰ্থী ৰূপজ্যোতি মিলিয়ে ৬ জুলাইৰ সন্ধিয়াৰ পৰা নিজৰ ঘৰতে অসুস্থ হৈ পৰে । ঘৰতে প্ৰাথমিক চিকিৎসা কৰোৱাৰ পিছত যোৱা ৮ জুলাইৰ দিনা গড়মূৰ পীতাম্বৰদেৱ গোস্বামী অসামৰিক চিকিৎসালত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । প্ৰায় এসপ্তাহ ধৰি চিকিৎসা চলি থকাৰ মাজতে যোৱা ১৪ জুলাইৰ নিশা মৃত্যু হয় ৰূপজ্যোতি মিলিৰ । কনমানি শিশুটিৰ প্ৰকৃত ৰোগ চিহ্নিত কৰাৰ পিছতো মৃত্যুৰ পৰা বনাব নোৱাৰা ঘটনা সন্দৰ্ভত পুলি মিলিৰ পৰিয়াল তথা সমগ্ৰ লোহিত খাবলুবাসীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।  উল্লেখ্য যে জাপানীজ এনকেফেলাইটিছ ৰোগৰ লগতে বিভিন্ন ভাইৰাছজনীত ৰোগ মানুহৰ দেহালৈ সংক্ৰমণ কৰিব নোৱাৰাকৈ স্বাস্থ্য বিভাগে বিভিন্ন সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে প্ৰতিষেধক দিব লাগে । ইয়াৰ বাবে বিভিন্ন আঁচনিৰ নামত যথেষ্ট পুঁজি ধাৰ্য্য কৰা হয় যদিও কেৱল বিভিন্ন প্ৰচাৰ পত্ৰিকাৰ মাজতে সীমাবদ্ধ হৈ থকা দেখা যায় । লখিমপুৰ জিলাখনৰ ভিতৰত সৰ্বদিশতে অতিকৈ পিছপৰা গাঁও পঞ্চায়ত হিচাপে বিবেচিত লোহিত খাবলুবাসীৰ ওপৰত ৰাজ্য চৰকাৰ তথা লখিমপুৰ জিলা প্ৰশাসনে কৰা চৰম অৱহেলা আৰু আওকোণীয়া মনোভাৱৰ বাবেই ৰূপজ্যোতি মিলিৰ দৰে বিভিন্ন ৰোগীয়ে জীৱনৰ আধা বাটতে মৃত্যুক আকোঁৱালি লব লগীয়া হোৱা বুলি এতিয়া অভিযোগ উত্থাপিত হৈছে ।

Your Comments