উত্তৰ জামুগুৰিৰ গড়বিলত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

banariya hati

 জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: 

শোনিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত উত্তৰ জামুগুৰিৰ গড়বিল অঞ্চলত কালি নিশা এটা বনৰীয়া হাতীয়ে কৰুণভাৱে মৃত্যুক সাৱটি লয় ৷ আজি পূৱা বনৰীয়া হাতীটোৰ মৃতদেহ পথাৰৰ ধান খেতি এডৰাৰ দাতিত  প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খৱৰ দিয়ে বনবিভাগক ৷ পাছত পূৱ শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী আৰু দিপলোঙা বনাঞ্চলিক বিষয়া সহ বনবিভাগৰ লোক সকল ঘটনাস্থলিত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷ কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা খাদ্যৰ সন্ধানত জন-অৰণ্যলৈ ওলাই অহা বনৰীয়া দতাল হাতীটো কি কাৰণত মৃত্যু হ'ল তাৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই যদিও হাতীটো বিষক্ৰিয়াত আক্ৰান্তহৈ মৃত্যু হোৱা বুলি সন্দেহ  কৰিছে বনবিভাগৰ লগতে স্থানীয় ৰাইজে ৷chandan

উল্লেখ্য যে উত্তৰ জামুগুৰিৰ গড়বিল, বালিজুৰি, ২নং বৰদিকৰাই আদি অঞ্চলবোৰত যোৱা কেইবাদিনো ধৰি বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস সৃষ্টি কৰি অহাৰ লগতে খাদ্য শস্য নষ্ট কৰি আহিছে ৷ স্থানীয় ৰাইজৰ মন্তব্য ১০/২০ টাকৈ দলপাতি অহা বনৰীয়া হাতীৰ জাকে প্ৰায়ে নিশা  অঞ্চলটোত উপদ্ৰপ চলাই সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ৷ হাতীৰ উপদ্ৰপত অতিষ্ঠ হৈ কোনো লোকে খাদ্যত বিষ ঢালি হত্যাৰ পৰিকল্পনা কৰিব পাৰে বুলিও একাংশ লোকে  সন্দেহ প্ৰকাশ কৰিছে যদিও মৰোনোত্তৰ পৰীক্ষাৰ অন্ততহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব বুলি মন্তব্য কৰে বন বিভাগে ৷ ইতিমধ্যে পশু চিকিৎসাকৰ এটি দলে বন কৰ্মীৰ সহযোগত মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷

Your Comments