গোলাঘাট:
অসমৰ ভিন ভিন ঠাইত, গাঁৱে-ভূঞে সিঁচৰতি হৈ থকা সুপ্ত প্ৰতিভাসমূহ ৰাইজৰ আগলৈ উলিয়াই অনাৰ লক্ষ্য আগত ৰাখি গোলাঘাটৰ সাংস্কৃতিক অনুষ্ঠান 'ময়ূৰ কলাকেন্দ্ৰ'ই আয়োজন কৰা 'ফেশ্বন শ্ব' প্ৰতিযোগিতাখন যোৱা ১৪ জুলাইত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়।তিনিদিনৰ প্ৰশিক্ষণৰ অন্তত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ পূৰ্বে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত তিনিটা শাখাত অনুষ্ঠিত চিত্ৰাংকণ প্ৰতিযোগিতাত 'ক' শাখাত স্থান লাভ কৰে ক্ৰমে -তামান্না দাস গুপ্তা(প্ৰথম ),সমীৰ ৰঞ্জন গগৈ (দ্বিতীয়),নিনাদ শ্বাহ(তৃতীয়),নাহিবা মৰিয়ম(উদগণি);'খ'শাখাত -জুৰিখ কুমাৰ শইকীয়া(প্ৰথম),সীমান্ত গগৈ (দ্বিতীয়),তন্ময় দাস(তৃতীয়),মেঘৰাগিনী বৰা (উদগণি);'গ' শাখাত-বিজিত সিংহা(প্ৰথম),প্ৰযক্তা কাকতি(দ্বিতীয়),দৰ্শনা বৰা (তৃতীয়),প্ৰসিদ্ধি বৰঠাকুৰ(উদগণি)য়ে বঁটা লাভ কৰে।
আনহাতে, সামাজিক দায়বদ্ধতা, মানৱতা,আত্মীয়তাক সাৰোগত কৰি 'আমাৰ ঘৰ'বৃদ্ধাশ্ৰমৰ ককা-আইতাসকলৰে অন্তৰংগ আলাপ আৰু কিছু উপহাৰ বিতৰণৰ আকৰ্ষণীয় অনুষ্ঠানটোৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে ধনশিৰি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহেন্দ্ৰ নাথ হাজৰিকাই । সমাজ সেৱিকা,প্ৰৱক্তা আনমনা গগৈ ,মদমুক্ত অসম দাবী সমিতিৰ সভাপতি প্ৰবীণ দাস ,সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্হাৰ সাধাৰণ সম্পাদক পৰমানন্দ দাস,'নিউজ লাইভ'ৰ সাংবাদিক সমীৰণ দিগন্ত, 'আসাম টকছ'ৰ এংকৰ সমুজ্জল দত্ত, দৈনিক জনমভূমি কাকতৰ সাংবাদিক,প্ৰকৃতিপ্ৰেমী অপূৰ্ব বল্লভ গোস্বামীক এই অনুষ্ঠানতে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
মিচেচ ইউনিভাৰ্ছ ছিনচিয়েৰ ,মিচেচ এচিয়া পেচিফিক ইউনিভাৰ্চ ৰূপালীম গোস্বামী ,মিচ ইউনিভাৰ্চ ষ্টাৰ আইকণ- ২০১৯ ডলী কুৰ্মি,যশপ্ৰীত সিং মুখ্য অতিথি হিচাপে উপস্থিত থকা 'ফেশ্বন শ্ব' প্ৰতিযোগিতাত ময়ূৰ কিডছ গাৰ্লচ শাখাত নিশিতা বৰা, প্ৰথম ৰাণাৰ্ছআপ দৃষ্টি শইকীয়া, দ্বিতীয় ৰাণাৰ্ছআপ জেনী তামান্না দাস, কিডচ ল'ৰা শাখাত অনুভৱ বৰা ফুকন ,আশীষ বৰুৱা,মিছ ময়ূৰ শাখাত জয়শ্ৰী বৰা,প্ৰথম ৰাণাৰ্ছআপ পংকিতা শইকীয়া আৰু দ্বিতীয় ৰাণাৰ্ছআপ ঈশানী বৰুৱাক বিজয় ঘোষণা কৰা হয় বুলি ময়ূৰ কলাকেন্দ্ৰৰ সঞ্চালিকা মনিষা হাজৰিকা গগৈয়ে জানিবলৈ দিয়ে। তৃষা সভাপণ্ডিত,পৰিস্মিতা বৰুৱা, পংকজীনি শইকীয়াই আঁত ধৰা উক্ত অনুষ্ঠানৰ শেষত দশমী বৰাই শলাগ জ্ঞাপন কৰে।
- Log in to post comments
- 5 views