বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
আজি কেইবাদিনো ধৰি বৃদ্ধি পাই আছে কামৰূপ আৰু নলবাৰী জিলাৰ সীমাৰ নৈ বৰলীয়াৰ জলস্তৰ।ইতিমধ্যে নৈখনে ঠায়ে ঠায়ে খহনীয়াৰ সৃষ্টি কৰি নৈপৰীয়া ৰাইজলৈ ভাবুকি কঢ়িয়াই আনিছে।নৈখনৰ পশ্চিম দিশৰ দেহাৰকুছি গাওঁ পঞ্চায়তৰ তথা বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত খেতিপথাৰ বানপানীয়ে ডুবাই পেলোৱাৰ লগতে প্ৰায়ভাগ বাট-পথ পানীৰ তলত থকাত ৰাইজৰ বাবে আহুকালৰ সৃষ্টি হৈছে৷ আনহাতে বহুকেইটা পৰিয়ালৰ ঘৰো পানীয়ে ডুবাইছে৷কিন্তু দুৰ্ভাগ্যজনক কথা যে বানপানীৰ মাজত ৰাইজে কষ্ট ভোগ কৰাৰ পিচতো কোনো চৰকাৰী বিষয়া তথা জনপ্ৰতিনিধিয়ে দুৰ্গত সকলৰ কাষত উপস্থিত হোৱা নাই৷
বিশেষকৈ নলবাৰী সমষ্টিৰ অন্তৰ্গত দেহাৰকুছি,চতমা,লৰমা বটাকুছি,কিচমৎ আদি গাওঁসমূহ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত কিন্তু সমষ্টি নলবাৰী হোৱাত সামান্য পশু খাদ্যখিনিৰ পৰাও বঞ্চিত হোৱাত ৰাইজ জাঙুৰ খাই উঠিছে৷ ইতিমধ্যে উক্ত ৰাজহচক্ৰৰ অধীনষ্ঠ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত গাওঁসমূহত বিধায়কৰ তৎপৰতাত পশু খাদ্য বিতৰণ কৰি ৰাইজক কিছু সকাহ দিছে৷
বিগত সময়ৰ বানত বৰলীয়া নৈৰ চৌমুখাঘাটৰ কাঠৰ দলংখন উটুৱাই নি ৰাইজৰ যাতায়তত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰাত গড়কাপ্তানী বিভাগৰ ৰঙিয়া গ্ৰাম্য সংমণ্ডলৰ তৎপৰতাত দলংখন পুনৰ মেৰামতি কৰাৰ বাবে কেইজনমান ঠিকাদাৰক বিভাগীয়ভাৱে নিৰ্দেশ দিছিল৷বিভাগৰ নিৰ্দেশনা অনুযায়ী ঠিকাদাৰে দলংখন কম সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰিছিল যদিও পুনৰ নৈৰ প্ৰৱল সোঁতে দেওবাৰে উটুৱাই লৈ যায়৷ দলংখন উটুৱাই নিয়াৰ ফলত অঞ্চলটোৰ ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হব৷মনকৰিবলগীয়া যে নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে দলংখন উটুৱাই নিয়াক লৈ ৰাইজৰ মাজত সৰৱ আলোচনা চলিছে৷
- Log in to post comments
- 35 views