ঘগ্ৰাপাৰ-নলবাৰীত বান বিধস্ত অঞ্চল পৰিভ্ৰমণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ 

cm

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা

সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নলবাৰী জিলাৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ আহি প্ৰথমে  নলবাৰীৰ ঘগ্ৰাপাৰৰ নোনা নৈৰ গতিবিধি নিৰীক্ষণ কৰে।মুখ্যমন্ত্ৰী সোণোৱালে নলবাৰী-ৰঙিয়াৰ সীমামুৰীয়া নোনা নৈৰ ওপৰত থকা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পকীদলঙৰ ওপৰত থিয় হৈ নোনা নৈৰ ফেনেফোটোকাৰে বাঢ়ি অহা বানপানী প্ৰত‍্যক্ষ কৰে।ইয়াৰ পিছত নলবাৰী জিলাৰ সৰিয়হতলীৰ বালভৱন বিদ্যাপীঠত উপস্থিত হৈ বানাক্ৰান্তসকলৰ শিবিৰ পৰিদৰ্শন কৰে।

বন্যাৰ্তৰ সৈতে কথা-বতৰা পাতি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়।মুখ্যমন্ত্ৰী  সোণোৱালে বানাক্ৰান্তসকলৰ সকলো সমস্যা তথা অভাৱ-অভিযোগ,স্বাস্থ্য,খাদ্য আদিৰ বিতংভাৱে বুজ লয়।লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িতসকলক উপযুক্ত চিকিৎসা সেৱা আৰু সাহায্য সামগ্ৰী যোগান ধৰিবলৈ জিলা উপায়ুক্ত আৰু অন্যান্য বিষয়াবৰ্গক নিৰ্দেশ প্ৰদান কৰে।

মুখ্যমন্ত্ৰীগৰাকীৰ আজিৰ পৰিভ্ৰমণকালত ৰাজহ মন্ত্ৰী ভৱেশ কলিতা,নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা,মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী,নলবাৰী জিলাৰ উপায়ুক্ত, ভালেকেইগৰাকী ৰাজহ আৰু জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে সংগ দিয়ে।

Your Comments