নৰ্থ বইটামাৰীত বিনামূলীয়া চিত্ৰাংকন প্ৰশিক্ষণৰ সামৰণি

baita

বইটামাৰী :
বঙাইগাঁও জিলাৰ বইটামাৰীৰ সাগৰ আৰ্ট স্কুলৰ উদ্যোগত নৰ্থ বইটামাৰী হাইস্কুলত ৮ জুলাইৰ পৰা আৰম্ভ হোৱা গ্ৰীস্মকালীন বিনামূলীয়া চিত্ৰাংকন প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে । সাগৰ আৰ্ট স্কুলৰ অধ্যক্ষ অৰবিন্দ নাথৰ নেতৃত্বত এসপ্তাহ জুৰি প্ৰথম শ্ৰেনীৰ পৰা  দশম শ্ৰেনীৰ ২০০ গৰাকী ছাত্ৰ-ছাত্ৰীক চিত্ৰাংকনৰ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰী সকলক অধ্যক্ষ অৰবিন্দ নাথৰ লগতে মৃগাংক চক্ৰৱৰ্তী , অমিত মজুমদাৰ, প্ৰণৱজ্যোতি নাথ, চন্দ্ৰ প্ৰসাদ চৌধুৰী , নিবেদিতা দাস, হিয়ামনি দাসে প্ৰশিক্ষণ প্ৰদান কৰে । ইফালে আজি সামৰণিৰ দিনা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় । দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হয় মুকলি সভা ।bai

সভাত সভাপতিত্ব কৰে নৰ্থ বইটামাৰী হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰভাত চন্দ্ৰ নাথে । সভাৰ উদ্দেশ্য বাখ্যা কৰে সাগৰ আৰ্ট স্কুলৰ অধ্যক্ষ অৰবিন্দ নাথে । সভাত উপস্থিত থাকি বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিবানন্দ নাথ , সমাজকৰ্মী নীলমণি নাথ , ধনঞ্জয় গোস্বামী, লক্ষেশ্বৰ নাথ , অনিমেষ বৰ্মন আদি ব্যক্তি সকলে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি বক্তব্য ৰখাৰ লগতে  সাগৰ আৰ্ট স্কুলৰ পদক্ষেপক শলাগ লয় । আজিৰ সভাতে চিত্ৰাংকন প্ৰতিযোগিতাত বিজয়ীসকলক বঁটা প্ৰদান কৰে । সভাত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক- অভিভাৱিকা সকলো উপস্থিত  থাকে ।

Your Comments