কবিতাৰ জৰিয়তে সমাজ বিপ্লৱ সম্ভৱঃ ডঃ হাছিনুচ চুলতান

jamir

জমিৰ উদ্দিন তালুকদাৰ,ডবকা :

কবিতাৰ জৰিয়তে সমাজ বিপ্লৱ সম্ভৱ ৷ কবিতাবোৰ হ'ব লাগিব সমাজ গঢ়াৰ সেঁতু ৷ কবিতাত হৃদয়ৰ অনুভূতি থাকিলেহে সেই কবিতাই পাঠকক আচ্ছন্ন কৰে ৷ এই মন্তব্য বিশিষ্ট কবি, ডবকা হাজী আনফৰ আলী কলেজৰ সহযোগী অধ্যাপক তথা হোজাই জিলা কবি সন্মিলনৰ সভাপতি ডঃ হাছিনুচ চুলতানৰ ৷ আজি হোজাই জিলা কবি সন্মিলনৰ প্ৰথম বাৰ্ষিক অধিৱেশনখন ডবকাস্থিত মৌলানা আব্দুল জলিল চৌধুৰী স্মৃতি ভৱনত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ অধিৱেশনৰ মুকলি সভাত ভাষণ প্ৰদান কৰি চুলতানে কয় কবিয়ে মানুহৰ কথা কয়, কবিয়ে মাটিৰ কথা কয় ৷ অধিৱেশনৰ লগত সংগতি ৰাখি পুৱা সদৌ অসম কবি সন্মিলনৰ পতাকা উত্তোলন কৰে হোজাই জিলা কবি সন্মিলনৰ সভাপতি ডঃ হাছিনুচ চুলতানে আৰু বৃক্ষৰোপণ কৰে জিলা কবি সন্মিলনৰ মুখ্য উপদেষ্টা আলহাজ মুস্তাফা আহমেদে ৷

তাৰ পিছত অনুষ্ঠিত স্মৃতি তৰ্পণ অনুষ্ঠানত সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ৰাম গগৈৰ প্ৰতিচ্ছবিত বন্তী প্ৰজ্বলন কৰে ছাচ চ'ছাইটিৰ সঞ্চালক ডঃ হবিবুৰ ৰহমানৰ লগতে বিশিষ্ট কবি ক্ৰমে জামাল আহমেদ, ৰফিক উদ্দিন, মিনতি বৰুৱা, প্ৰভাত বৰুৱাই ৷ তাৰ পিছত অনুষ্ঠিত হয় হোজাই জিলা কবি সন্মিলনৰ প্ৰয়াত মুখ্য উপদেষ্টা আতৰ আলী চৌধুৰীৰ স্মৃতিত কাব্য মনীষা নামৰ কবিতা পাঠৰ অনুষ্ঠান ৷ অসমৰ বিভিন্ন প্ৰান্তৰ ৬০ গৰাকী কবিয়ে এই অনুষ্ঠানত কবিতা পাঠ কৰি অনুষ্ঠানটিক জীপাল কৰি তোলে ৷ অনুষ্ঠানটি সঞ্চালনা কৰে কবি চামচুল হক, প্ৰদীপ গাভৰুপৰীয়া আৰু ডঃ হাছিনুচ চুলতানে ৷ হোজাই জিলা কবি সন্মিলনৰ অধিৱেশনৰ লগত সংগতি ৰাখি বিশিষ্ট কবি আতৰ আলী চৌধুৰীৰ স্মৃতিত 'বিষণ্ণ সময়ৰ কবিতা' নামৰ এখনি কাব্যগ্ৰন্থ উন্মোচন কৰা হয় ৷ একে অনুষ্ঠানত যুৱ কবি জাবিৰ আহমেদৰ কাব্যগ্ৰন্থ 'বেলিফুল', ‎ৰুণিমা শৰ্মা বৰুৱাৰ অনূদিত 'ধ্ৰুৱস্বামিনী' নামৰ এখন নাটকৰো উন্মোচন কৰা হয় ৷jamir

নৱকান্ত বৰুৱাৰ মৃত্য দিবস উপলক্ষে আয়োজন কৰা এখুদ ককাইদেউৰ কবিতা নামৰ অনুষ্ঠানটিত কেইবা গৰাকী শিশু কবিয়ে তেখেতৰ দ্বাৰা ৰচিত কবিতা আবৃত্তি কৰে ৷ কবি সন্মিলনৰ বাৰ্ষিক অধিৱেশনত অলপতে সমতা সাহিত্য একাডেমীৰ দ্বাৰা এ পি জে আব্দুল কালাম বঁটাপ্ৰাপ্ত কবি মিনতি দেৱী কাকতিলৈ বিশেষ সম্বৰ্ধনা আগবঢ়োৱা হয় ৷ ইয়াৰোপৰি প্ৰয়াত কবি আতৰ আলী চৌধুৰীৰ স্মৃতিত সদৌ অসম কবি সন্মিলনৰ বাৰ্ষিক বঁটা প্ৰদানৰ কথা অধিৱেশনত ৰাজহুৱাভাৱে ঘোষণা কৰা হয় ৷ অধিৱেশনত স্থানীয় বিশিষ্ট কবি প্ৰাণ ব্যক্তিসকলৰ লগতে অতিথি কবি সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ তেজপুৰ অধিৱেশন তথা শোণিতপুৰ জিলা কবি সন্মিলনৰ সভাপতি ডঃ হৰেন শইকীয়া, সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ তেজপুৰ অধিৱেশনৰ স্মৃতিগ্ৰন্থৰ সম্পাদক তথা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰঞ্জিত বৰা, ৰঙাপাৰা শাখাৰ সম্পাদক স্বপন মৈত্ৰ, জামুগুৰিৰ কবি হেমন্ত শইকীয়া, সদৌ অসম কবি সন্মিলনৰ উপ সভাপতি প্ৰদীপ কুমাৰ গাভৰুপৰীয়া, দিব্যজ্যোতি দাস, অমল নাথ, কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ সভাপতি চামচুল হক, সহ-সম্পাদক বেবীৰাজ ৰাজখোৱা, কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ ৰুকীয়া বেগম, মিনতি বৰুৱা, সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক দীপ হেষ্টিংছ বৰি, বিশিষ্ট কবি প্ৰদীপ বৰা, প্ৰকাশ বৰুৱা প্ৰমুখ্যে উপস্থিত সকলো কাব্যপ্ৰেমী ৰাইজৰ শলাগ লয় হোজাই জিলা কবি সন্মিলনে ৷

হোজাই জিলা কবি সন্মিলনৰ কাব্যিক যাত্ৰাৰ এই গতি আৰু সফলতা অব্যাহত থকিব বুলি আশা ব্যক্ত কৰে হোজাই জিলা কবি সন্মিলনৰ সভাপতি ডঃ হাছিনুচ চুলতান আৰু সম্পাদক জমিৰ উদ্দিন তালুকদাৰে ৷ অধিৱেশনখন সফল কৰি তোলাৰ বাবে হোজাই জিলা কবি সন্মিলনৰ সমূহ সদস্যলৈ আন্তৰিক ধন্যবাদ জনায় সভাপতি, সম্পাদকে ৷

জমিৰ উদ্দিন তালুকদাৰ

Your Comments