সংস্কৃত সাহিত্যৰ পণ্ডিত বিদ্যাপতি  দাহাল দেৱক নেপালী সাহিত্য সভাৰ  অভিনন্দন 

dahal

কুমাৰীকাটাৰ পৰা ধীৰজ উপাধ্যায় :

সংস্কৃত সাহিত্যৰ পণ্ডিত তথা সাহিত্যিক বিদ্যাপতি  দাহাল দেৱক নেপালী সাহিত্য সভাৰ নিকাছি শাখাৰ দ্বাৰা অভিনন্দন জনোৱা হয়।গুৰুজী উপাধিৰে খ্যাত দাহাল দেৱ অসম তথা সমগ্ৰ উত্তৰ ভাৰতৰে সংস্কৃত সাহিত্যৰ পণ্ডিত ৰূপে পৰিচিত । তেখেতৰ অসমীয়া , নেপালী আৰু সংস্কৃত ভাষাত এতিয়ালৈ ১৮ খন গ্ৰন্থ প্ৰকাশিত হোৱাৰ উপৰি  তিনিখন গ্ৰন্থ প্ৰকাশনৰ বাটত আছে। সমগ্ৰ গোর্খা সমাজ তেওঁক লৈ গৌৰৱান্বিত হোৱাৰ উপৰি তেওঁৰ সমগ্ৰ কৃতি তথা ব্যক্তিত্ব প্ৰেৰণা তথা অনুসন্ধানৰ বিষয় হিচাপে গোর্খা সমাজে জ্ঞান কৰে।

Your Comments