সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন:
সোণাৰিত বৃহৎ অস্ত্ৰ-শস্ত্ৰ সহ এন এছ চি এনৰ এজন কেডাৰ আটক কৰে। সেনাৰ অভিযানত চৰাইদেউৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ পৰা আটক কৰা এন এছ চি এন(আই এম)কেডাৰ জনক চাৰ্জেন্ট মেজৰ আন্নক ৱাংছু বুলি জানিব পৰা গৈছে।
কেডাৰ জনৰ পৰা এটা এ কে৫৬ ৰাইফল,দুটা ৯এম এম পিষ্টল, এটা হেণ্ড গেনেড, এটা আই ই ডি,৯৮জাঁই এ কে ৫৬ৰ সক্ৰিয় গুলী,৫৩ জাঁই 9এম এমৰ সক্ৰিয় গুলী,৬টা কাৰ্টিজ, ১১টা ডিটেনেটৰ, নগদ পাচঁ লাখ ৩৬ হাজাৰ টকা,এখন স্ক'ৰপিঅ' আৰু নম্বৰ প্লেট বিহীন জিপছি গাড়ী উদ্ধাৰ কৰে। বৰ্তমান ধৃত এন এচ চি এন চাৰ্জেণ্ট মেজৰ জনক মাইবেলাস্থিত সেনা চাউনীত অধিক তথ্যৰ সন্ধানত জেৰাৰ বাবে ৰখা বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 5 views