বৰপেটা-বাক্সাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন আমছুৰ সজাতি দলৰ

aamsu

বাক্সাৰ পৰা আমিনুল হকৰ প্রতিবেদন :

আজি বৰপেটা আৰু বাক্সা জিলাৰ বিভিন্ন বানপীড়িত অঞ্চল ভ্ৰমণ কৰি বানাক্ৰান্ত ৰাইজৰ সমস্যাৰ বুজ লয় আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত এটা সঁজাতি দলে। সভাপতিৰ নেতৃত্বত অহা সঁজাতি দলটোত অংশগ্ৰহণ কৰে বৰপেটা জিলা আমছুৰ মুখ্য উপদেষ্টা ময়নুল হ'ক খান, সভাপতি নজৰুল ইছলাম, উপ সভাপতি আব্দুল জুব্বাৰ আলী, চিৰাং জিলা আমছুৰ সভাপতি গুলজাৰ হুছেইন প্ৰামাণিক, ধুবুৰী জিলা আমছুৰ সভাপতি আব্দুল বাতেন শ্বেখ, বাক্সা জিলা আমছুৰ সাধাৰণ সম্পাদক সাহাদত হুছেইনৰ লগতে বৰপেটা আৰু বাক্সা জিলাৰ আমছুৰ বিভিন্ন পৰ্য্যায়ৰ নেতা কৰ্মীসকলে। জিলা দুখনৰ বানাক্ৰান্ত পৰিয়ালসমূহক পৰ্যাপ্ত পৰিমাণৰ সাহায্য প্ৰদান কৰিবলৈ আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে আহ্বান জনোৱাৰ লগতে অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ কেন্দ্ৰীয় চৰকাৰক হেচা প্ৰদান কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়।

Your Comments