জামুগুৰি আৰক্ষীৰ সুৰা বিৰোধী অভিযান:এক হেজাৰৰো অধিক অৰুণাচলী মদৰ বটল জব্দ  

sura

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: 

জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত এচাম দুস্কৃতিকাৰীয়ে  অৰুণাচলী মদৰ চোৰাং ব্যৱসায় চলাই থকাৰ অভিযোগৰ ভিত্তিত থানাখনৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ব্যাপক অভিযান আৰম্ভ কৰিছে । অভিযানত প্ৰায় এক হেজাৰৰো অধিক অৰুণাচলী মদৰ বটল জব্দ কৰাৰ লগতে প্ৰায় দুই হেজাৰ লিটাৰ চুলাই মদ নষ্ট কৰে । কালি বিয়লি তিনিমান বজাত আৰক্ষী বিষয়াজনৰ নেতৃত্বত যোৱা দল এটাই টুপিয়া কেন্দ্ৰত অভিযান চলাই ১০০ ৰো অধিক অবৈধ অৰুণাচলী সুৰাৰ বটল জব্দ কৰে । sura2

অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই মদ ব্যৱসায়ী পলাই পত্ৰং দিয়ে । জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মানিক বৰমূদৈয়ে জানিবলৈ দিয়া মতে চতিয়া বিধান সভা সমষ্টি তথা স্থানীয় বিধায়ক পদ্ম হাজৰিকাৰ সুৰামুক্ত সমাজ গঢ়াৰ প্ৰচেষ্টাৰ সহযোগী হৈ তেওঁ জামুগুৰি আৰক্ষী থানা অঞ্চলৰ প্ৰতিখন গাঁও, প্ৰতিটো ব্যৱসায় কেন্দ্ৰক সুৰামুক্ত কৰি ৰখাৰ ব্যাপক প্ৰচেষ্টা হাতত লৈছে ।

Your Comments