কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ
কালৰূপ ধাৰণ কৰা কাজিৰঙাৰ বানত এই পৰ্যন্ত মৃত্যুৰ মুখত পৰিছে ১৭ টা বন্যপ্ৰাণী ৷ বনবিভাগৰ সূত্ৰ মতে ইয়াৰে ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ খুন্দাত নিহত হৈছে ৯ টা পহু। আনহাতে বানত পৰি আৰু অন্যান্য কাৰণত মৃত্যু হোৱা পহুৰ সংখ্যা ৭ টা৷তদুপৰি চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা পহুৰ সংখ্যা এটা৷এই পৰ্যন্ত উদ্ধাৰ হোৱা ১৪ টা আহত পহুৰ ভিতৰত ১০ টাক চিকিৎসা প্ৰদান কৰি নিৰাপদ স্থানত মুকলি কৰি দিয়া হৈছে। ৪ টা চিকিৎসাধীন অৱস্থাত আছে৷
বিভাগীয় সূত্ৰ মতে,ৰাষ্ট্ৰীয় উদ্যানখনৰ ১৯৯ টা বন শিবিৰৰ ভিতৰত ১৫৮ টা আক্ৰান্ত হৈছে বানত। ইয়াৰে ১৮ টা বন শিবিৰ স্থানান্তৰ কৰা হৈছে ৷উল্লেখ্য যে চৰকাৰী সূত্ৰত নিহতৰ সংখ্যা ১৭ বুলি প্ৰকাশ কৰিলেও স্থানীয় লোকে অধিক বন্যপ্ৰাণী বানত মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰিছে৷
- Log in to post comments
- 19 views