বজালীৰ ভৱানীপুৰত বানত মৃত্যু এজনৰ 

bajali

বজালীৰ পৰা বুবু কলিতাৰ প্রতিবেদন :

বজালী মহকুমাত পহুমাৰা,কালদিয়া আৰু পল্লা নৈৰ পানীয়ে প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰাৰ মাজতে শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা প্ৰায় ত্ৰিশ বছৰীয়া  এজন যুৱকৰ  মৃতদেহ আজি উদ্ধাৰ হয় । বজালীৰ ভৱানীপুৰ মাহতলীহাতী নিৱাসী সিমান্ত দাস নামৰ যুৱকজনে শনিবাৰে নিশাৰ ভাগত বজাৰৰ পৰা  নিজ গৃহলৈ  উভতি অহাৰ সময়ত পহুমাৰা নৈৰ সমীপৰ বাঢ়নি পানীত  পৰি নিখোজ  হৈ পৰে । ইয়াৰ পিছত পৰিয়ালৰ লোক আৰু আৰক্ষীয়ে যুৱকজনৰ সন্ধানত কালি  নামি পৰে যদিও কোনো সন্ধান নপোৱাত আজি পুৱাৰে পৰা এচ ডি আৰ এফৰ জোৱানে কেইবাঘন্টা ধৰি পহুমাৰা নৈৰ প্ৰবল বানপানীৰ মাজতে যুৱকজন  নিখোজ হোৱা স্হানত অভিযান চলাই যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

Your Comments