'আনৰ ধৰ্মক বেয়া পোৱা মানুহ কেতিয়াও ধাৰ্মিক হব নোৱাৰে: পদ্ম হাজৰিকা 

padma

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন :

"যি মানুহে নিজৰ ধৰ্মক ভাল পায় সি কেতিয়াও আনৰ ধৰ্মক বেয়া পাব নোৱাৰে ৷ আনৰ ধৰ্মক বেয়া পোৱা মানুহ কেতিয়াও ধাৰ্ম্মিক হবই নোৱাৰে ৷ ঈশ্বৰ, আল্লা এজনেই মাত্ৰ আমাৰ উপাসনা কৰা পদ্ধতিহে বেলেগ"-- এই মন্তব্য চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷ যোৱা শণিবাৰে সমষ্টিটোৰ অন্তৰ্গত উত্তৰ নদুৱাৰৰ ইটাখোলাস্থিত দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত ইছলাম ধৰ্মালম্বী ৰাইজৰ দ্বাৰা আয়োজিত এক বৃহৎ সভাত ভাষন দি বিধায়ক গৰাকীয়ে এনেদৰে কয় ।

padma2 দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সবকা সাথ সবকা বিকাশ শ্লগানেৰ পাঁচ বছৰ চৰকাৰ চলোৱাৰ পিছত এইবাৰ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস শ্লগানেৰেই আগবাঢ়িছে বুলি বিধায়ক গৰাকীয়ে উল্লেখ কয় যে মই বিধায়ক হিচাপে নিৰ্ব্বাচিত হোৱাৰ দিন ধৰি সমষ্টিবাসী হিন্দু, মুছলমান, খৃষ্টীয়ান, শিখ, জৈন আদি সকলো শ্ৰেনীৰ জনসাধাৰণক সম মৰ্যাদা প্ৰদান কৰি সকলোৰে লগত হাতে হাত মিলাই সমষ্টিটোৰ উন্নয়নমূলক কাম-কাজ সমুহ কৰি গৈছো বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে । চতিয়া সমষ্টিত মই কোনো দিনে হিন্দু মূছলমানৰ সংকীৰ্ণ ৰাজনীতি কৰাৰ সুযোগ কাকো প্ৰদান কৰা নাই বুলি উল্লেখ কৰি হাজৰিকাই মই থকা দলটোত তেনে কোনো ধৰ্মীয় সংকীৰ্ণতা আজিলৈকে মই দেখা নাই আৰু কেতিয়াবা দেখিলেও ইয়াৰ মই তীব্ৰ প্ৰতিবাদ কৰিম বুলিও দৃঢ়তাৰে কয় ৷

উল্লেখ্য যে চতিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত নদুৱাৰ ৰাজহচক্ৰ এলেকাৰ বাকোলা, ধলাইবিল, টুপিয়া, ইটাখোলা, টৈঙাবস্তি, বালিডোঙা, হোকাজান, মৰিসুতি আদি গাঁও সমুহৰ উপৰিও লালটাপু, ভৰলিচাপৰি, কৰৈয়নী চাপৰি, চকীঘাট চাপৰি, গটাইমাৰী চাপৰি, বালিচাপৰি, দীঘলিচাপৰি আদি বিভিন্ন চৰ চাপৰি অঞ্চল সমুহৰ থলুৱা সংখ্যালঘু ৰাইজৰ প্ৰতিনিধি সকলক লৈ অনুষ্ঠিত হয় উক্ত সভাখন ।তথা পূৱ ভৰলী মুছলীম জনকল্যান পৰিষদৰ প্ৰাক্তন সভাপতি তথা ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চাহাবুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ইটাখোলা আহমদীয়া মাদ্ৰাছাৰ অধ্যক্ষ লেখক সাংবাদিক মৌলানা নুৰুল আমিন কাছিমীয়ে সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰা আৰু আঁঁতধৰা এই গুৰুত্বপূৰ্ণ সভাখনিত পূৱভৰলী মূছলিম জনকল্যান পৰিষদৰ সভাপতি  চাজাহান আহমেদে অংশগ্ৰহণ কৰি চতিয়া সমষ্টিত যুগ যুগ ধৰি বসবাস কৰি অহা ইছলাম ধৰ্ম্মালম্বী সংখ্যালঘু ৰাইজৰ শৈক্ষিক সামাজিক আৰু অৰ্থনৈতিক সমস্যা সমুহৰ ওপৰত বহল ব্যাখ্যা দাঙি ধৰি উক্ত সমস্যা সমুহ সমাধান কল্পে প্ৰয়োজনীয় ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰতি আহবান জনায় ৷

পৰিষদৰ কাৰ্যকৰী সভাপতি আবনুৰ আলী, প্ৰাক্তন সাধাৰন সম্পাদক ৰাছেল আহমেদ, সাংগঠনিক সম্পাদক জাফৰ আহমেদৰ লগতে চৰ চাপৰি অঞ্চলৰ সংখ্যালঘু নেতা চিৰাজ আলী আদিয়ে নিজৰ নিজৰ অঞ্চলৰ বিভিন্ন সমস্যা সন্দৰ্ভত বিধায়ক গৰাকীক অৱগত কৰি ইয়াৰ সমাধানৰ বাবে অনুৰোধ জনায়৷ বিশেষকৈ চৰ চাপৰি অঞ্চলৰ প্ৰধান সমস্যা ৰূপে দেখা দিয়া বহিৰাগত আগ্ৰাসনৰ সমস্যা সন্দৰ্ভত সংখ্যালঘু নেতৃস্থানীয় ব্যক্তিসকলে বিধায়ক গৰাকীক অভিযোগ কৰি কয় যে দীৰ্ঘদিন ধৰি চতিয়া সমষ্টিৰ বাহিৰৰ তথা মৰিগাঁও, ৰূপহী, হোজাই, মৈৰাবাৰী, ধুবুৰী, খাৰুপেটীয়া, বাগছা, বৰপেটা, বৰছলা আদি অঞ্চলৰ পৰা আহি কিছুমান সন্দেহজনক বাংলাদেশী লোকে চৰ চাপৰিৰ চৰকাৰী মাটি সমুহ বেদখল কৰি ঘৰ দুৱাৰ সাজি নিগাজীকৈ বসবাস কৰি আছে আৰু বৰ্তমান তেওঁলোকে সেই মাটিৰ কিছু অংশ নিজৰ আত্মীয় কুতুমক বিক্ৰী কৰি উক্ত অঞ্চলত একো একো একোখন বৃহৎ বৃহৎ গাঁও পতাৰ পৰিকল্পনা কৰিছে৷ চতিয়া সমষ্টিৰ বাহিৰৰ উক্ত সন্দেহজনক নাগৰিক সকলে থলুৱা বাসিন্দাসকলক বিভিন্ন প্ৰকাৰে নিৰ্যাতন চলাই মাটি সম্পত্তি কাঢ়ি লোৱাৰ নিচিনা ঘটনাও সংঘটিত হৈছে বুলিও বিধায়ক গৰাকীক অভিযোগ কৰে । সভাই যুগ যুগ ধৰি চতিয়া সমষ্টিৰ চৰ চাপৰি অঞ্চল সমুহত বসবাস কৰি অহা থলুৱা বাসিন্দা সকলক মাটিৰ পট্ৰা প্ৰদান কৰা, চৰ চাপৰি অঞ্চলত বসবাস কৰা সকলো সংখ্যালঘু ৰাইজে চৰকাৰী জৰিপ কাৰ্য্যত সহায় সহযোগ আগবঢ়োৱা আৰু যি সকল বহিৰাগত লোকে অবৈধ ভাবি ঘৰ দুৱাৰ সাজি বসতি স্থাপন কৰিছে তেওলোকৰ বিৰূদ্ধে চলোৱা উচ্ছেদ অভিযানত প্ৰশাসনক সহযোগিতা আগবঢ়োৱাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

Your Comments