নৰেন শৰ্মা,বাহাৰঘাট :
সাংবাদিকতাৰে সমাজ সেৱাৰ পথ বাছি লোৱা নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰেছ কাব্লৰ তদানীন্তন সম্পাদক,দৈনিক অগ্ৰদূত;বাতৰি কাকতৰ ঘগ্ৰাপাৰৰ সাংবাদিক,প্ৰাক্তন ছাত্র নেতা তথা শিক্ষক প্ৰয়াত প্ৰদীপ কলিতাৰ একাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে দেওবাৰে ঘগ্ৰাপাৰ প্ৰেছ ক্লাবত এখন স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয়।ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই আঁত ধৰা স্মৃতিচাৰণ অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলনৰে কাৰ্য্যসূচীৰ শুভাৰম্ভণি কৰে ঘগ্ৰাপাৰ প্ৰেছ কাব্লৰ সভাপতি অমূল্য কলিতাই।.
অনুষ্ঠানত সতীৰ্থ সাংবাদিক,বিশিষ্ট ব্যক্তিসকলে প্ৰয়াত সাংবাদিক কলিতাৰ প্ৰতিচ্ছৱিত পুস্পাজ্ঞলি প্ৰদান কৰি মৌন প্ৰাৰ্থনা জনায়।ইয়াৰ পিছতে স্মৃতি ৰোমন্থন কৰি নলবাৰী জিলা সাহিত্য সভাৰ প্ৰত্ৰিকা সম্পাদক শ্বাহ আলাম আহমেদে কয় য়ে সাংবাদিক প্ৰদীপ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ প্ৰতিকে নহয় তেওঁ আছিল এগৰাকী সৎ ,সাহসী,নিৰ্ভীক সাংবাদ সেৱক,শিক্ষক তথা সাংবাদিক অমূল্য কলিতাই প্ৰয়াত সাংবাদিক,শিক্ষক কলিতাৰ সান্নিধ্য লাভ কৰাৰ স্মৃতি সূৱৰি আৱেগিক হৈ পৰে।অনুষ্ঠানত নলবাৰী জিলা উন্নতি সভাৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা,সাংবাদিক তপন দাস,বীৰেণ কলিতা,ৰবীন্দ্ৰনাথ কলিতা,প্ৰাক্তন ছাত্ৰ নেতা শৰৎ কলিতা,ঘগ্ৰাপাৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি হীৰকজোতি শৰ্মা,সাংবাদিক দ্বিজেন ডেকা,আদিয়ে প্ৰয়াত সাংবাদিক কলিতাৰ কৰ্মময় জীৱন তথা শৈশৱ,সাংবাদিক,শিক্ষক,ছাত্ৰ অৱস্থা,ৰাজনৈতিক দিশ আদিৰ ওপৰত বিতংকৈ আলোকপাত কৰে।স্মৃতিচাৰণ অনুষ্ঠানটোত প্ৰয়াত সাংবাদিক প্ৰদীপ কলিতাৰ ভালেসংখ্যক গুণগ্ৰাহী উপস্থিত আছিল।
- Log in to post comments
- 24 views