ধুবুৰীৰ কংগ্ৰেছ নেতা আটোৱাৰ হুছেইনৰ বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

cong

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন :

নামনি অসমৰ ধুবুৰী জিলাৰ  বিলাসীপাৰা ৰাজহ- চক্ৰৰ অন্তৰ্গত শগুনমাৰী গাঁও পঞ্চায়তত  ধুবুৰী জিলা কংগ্ৰেছৰ ইয়ং ব্ৰিগেড সেৱা দলৰ যুৱ মৰ্চাৰ সভাপতি শগুনমাৰী গাঁও পঞ্চায়তৰ সভাপতি আটোৱাৰ হুছেইনে পঞ্চায়ত খনৰ চুকে-কোনে পৰিদৰ্শন কৰি আজি  বানাক্ৰান্ত ৰাইজৰ  মাজত   চিৰা, মুড়ী , মিঠাই ,আদিকে ধৰি বিভিন্ন ধৰণৰ খাদ্য আৰু  সা -সামগ্ৰী বিতৰণ কৰে ।মন কৰিবলগীয়া যে  বিগত ৭-১০ দিন  ধৰি নেৰানেপৰা বৰষুণৰ ফলত বানাক্ৰান্ত ৰাইজে নিজৰ  গৃহৰ পৰা ৰাস্তাত , হাটে-ঘাটে ওলোৱাত  অসুবিধা সন্মূখীন হোৱাৰ  কাৰণে  হুছেইনে তেওঁলোকৰ মাজত ছাতিও বিতৰণ কৰে ।dhuburi

পঞ্চায়তখনৰ বানাক্ৰান্ত ৰাইজৰ ক্ষয়- ক্ষতি হোৱা জীৱ- জন্ত , পুখুৰীৰ মাছ আদিকে ধৰি সকলো ধৰণৰ  ক্ষতিপুৰণ  আগবঢ়াবলৈ অসম চৰকাৰক দাবী জনাই শগুনমাৰী গাঁও পঞ্চায়তৰ  সভাপতি আটোৱাৰ হুছেইনে।

Your Comments