টেঙাগুৰিত বানাক্ৰান্তক সাহায্য প্ৰদান কৰিলে সাংবাদিক, সমাজকৰ্মীয়ে

goreswar

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম

নগাঁও জিলাৰ বেঙেনাআটী গাঁৱৰ বিশিষ্ট সমাজকৰ্মী তথা আবকাৰী বিভাগৰ কৰ্মচাৰী আনোৱাৰ হুছেইন, বটদ্ৰৱাৰ স্থানীয় সাংবাদিক দিলদাৰ হুছেইন আৰু লাহৰীঘাটৰ সাংবাদিক শ্বামিমুল ইছলামে বন্যাক্রান্ত লোকসকলক সাহাৰ্য্য প্ৰদান কৰাৰ উদ্দেশ্যৰে শনিবাৰে উপস্থিত হয় মৰিগাঁও জিলাৰ টেঙাগুৰি অঞ্চলত। বানত সৰ্বস্ব হেৰুৱাই বৰ্তমান ওখ ঠাইত আশ্ৰয় শিবিৰ পাতি  এমুঠি  অন্নৰ বাবে হাহাকাৰ কৰিব লগীয়া হোৱা বন্যাক্রান্ত লোকসকলৰ দুখত সমভাগী হৈ সঁজাতি দলটোৱে প্ৰায় শতাধিক পৰিয়ালৰ  মাজত চিৰা, চেনি বিতৰণ কৰে। লগতে এই দুৰ্যোগৰ সময়ত বন্যাক্রান্ত লোকসকলক সহায় কৰিবলৈ  বিভিন্ন দল- সংগঠনৰ লগতে হৃদয়ৱান লোকসকলকো আহ্বান জনায়। 

উল্লেখ্য যে মৰিগাঁও জিলাৰ টেঙাগুৰি কছাৰী গাঁৱৰ নৱনিৰ্মিত ৰিং বান্ধ ছিঙি যোৱৰ ফলত নিমিষতে প্লাৱিত হৈ পৰে হাতীলৰোৱা পথাৰ, টেঙাগুৰি, ফলিহামাৰি পথাৰ, জৰিবৰ , দক্ষিণ টেঙাগুৰিকে ধৰি প্ৰায় অৰ্ধ শতাধিক গাওঁ।

Your Comments