আজিও সন্ধান নোলাল গোৰেশ্বৰৰ গেৰুৱা নৈত সন্ধানহীন ৰিংকিৰ

goreswar

গোৰেশ্বৰ:
বাক্মা জিলাৰ গোৰেশ্বৰৰ বালাহাটী গাৱত গেৰুৱা নৈত গা ধুব গৈ ৰিংকিৰ ডেকা (১৬) নামৰ এগৰাকী কিশোৰী নিখোজ হৈ পৰে।জানিব পৰা মতে গুৱাহাটীৰ জু ৰোড নিবাসী ৰাকেশ ডেকাৰ জীয়ৰী ৰিংকি ডেকাই গোৰেশ্বৰৰ বালাহাটী গাৱত থকা মোমায়েকৰ ঘৰলৈ আইতাকৰ আদ্যশ্ৰাদ্ধ উপলক্ষে আহিছিল।পৰিয়ালৰ অন্য সমনীয়া লগৰীয়া ৰ লগত যোৱা ১০ জুলাই তাৰিখে ৰিংকি ডেকাই দিনৰ ১ মান বজাত ওচৰৰে বৈ যোৱা গেৰুৱা নৈ ত গা ধুব যায়।gores

গা ধুই থকা অৱস্থাতে হঠাৎ ছোৱালী জনী পানীত নিখোজ হৈ পৰে।খৱৰ টো পৰিয়ালৰ লোকে গম পোৱাৰ লগে লগে গোৰেশ্বৰ আৰক্ষী আৰু এছ ডি আৰ এফক অৱগত কৰে  ততক্ষাণিক ভাবে  এছ ডি আৰ এফ বাহীনীয়ে নৈ খনত  উদ্ধাৰ অভিযান চলাই যদিও আজি চাৰিদিনে ছোৱালী জনীৰ কোনো সংসুত্ৰ উলিয়াব পৰা নাই।

Your Comments

Related Articles