কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ :
২০১৭ চনৰ প্ৰলয়ংকৰী বানে কলিয়াবৰৰ লগতে সমগ্ৰ নগাঁৱতে বিস্তৰ ক্ষতিসাধন কৰিছিল। বিশেষকৈ কলিয়াবৰৰ ৰাইজক এই বানে একপ্ৰকাৰ দৰিদ্ৰ কৰি গৈছিল। আজিও ৰাইজে বাৰিষা আহিলে বিনিদ্ৰ ৰজনী কটায়। যোৱা কেইবাদিনো একেৰাহে বৰষুণ দি থকাৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।যাৰ বাবে জনসাধাৰণ শংকিত হৈ পৰিছে।বিশেষকৈ ২০১৭ চনত হৈ যোৱা বানে হাতীমূৰাৰ মথাউৰিৰ যি অংশ ছিগি প্ৰলয়ংকৰী বানৰ সৃষ্টি কৰিছিল,সেই অংশ জলসম্পদ বিভাগে মেৰামতি কৰি জিঅ' বেগৰ ব্যৱস্থা কৰিছিল।কিন্তু বাঢ়নী পানী মথাউৰিৰ তলৰ অংশৰে নিগৰি আছে।ইতিমধ্যে যি স্থানত পানী নিগৰিছে,সেই স্থানত বস্তাত বালি ভৰাই বিভাগীয় কৰ্মচাৰীসকলে পানী যোৱা পথ বন্ধ কৰি থকা দেখা গৈছে।
ইফালে, জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই মাথাউৰিটো পৰিদৰ্শন কৰি বিভাগীয় বিষয়াৰ লগত আলোচনাত মিলিত হয়। ইফালে,কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগে ৰাইজক শংকিত নহ'বৰ বাবে আহ্বান জনাইছে।মথাউৰিৰ পৰা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বহু তলত আছে আৰু ই বিশেষ ক্ষতি নকৰে বুলিও মহকুমাধিপতি গৰাকীয়ে উল্লেখ কৰে।
- Log in to post comments
- 128 views