নগাঁৱত নৱকান্ত বৰুৱাক স্মৰণ : কবিতাই বেদখল কৰিলে কলং সুঁতিৰ দলং

kalong

নগাঁৱৰ পৰা ৰিতুপৰ্ণ শৰ্মাৰ প্রতিবেদন :

"দেখিছোঁ নদীৰ ধলে বলাৎকাৰ কৰা পথাৰক/পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান/ শুনিছো সিন্ধুৰ বানে নিমিষতে নগৰক/ আত্মসাৎ কৰি/ এৰি থৈ গুচি যোৱা শ্মশানৰ প্ৰশান্তিৰ গান".... এনেদৰেই আজি প্ৰয়াত কবিসকলৰ কবিতা পাঠেৰে উজলি উঠিল নগাঁৱৰ পেটবঢ়াৰ ভেকুলী গৰুবাটৰ দলং । ফিনিক্স কবি খ্যাত নৱকান্ত বৰুৱাৰ মৃত্যুতিথি উপলক্ষে আয়োজন কৰা 'দলঙত কবিতা' শীৰ্ষক অগতানুগতিক অনুষ্ঠানটোত কলং সুঁতিৰ দলঙৰ ওপৰত সমবেত হ'ল অগণণ কাব্য অনুৰাগী । ফুলগুৰি আঞ্চলিক কবি সন্মিলনৰ আতিথ্যত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত অৰ্দ্ধশতাধিক নবীন-প্ৰবীন কবিয়ে নৱকান্ত বৰুৱাৰ লগতে অন্য প্ৰয়াত কবিসকলৰ কবিতা পাঠ কৰি কলং আৰু দলঙৰ মাজৰ শূন্যতা পূৰণ কৰে ।

কবি মদাৰজ্যোতিৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ কাব্য অনুষ্ঠানটিত বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়া , প্ৰদীপ শইকীয়া , জনাৰ্দ্দন গোস্বামী , প্ৰদীপ বৰা , ইমৰাণ হুছেইন , জ্যোতিপ্ৰসাদ বৰা , কুমাৰ বিভূতি , প্ৰাঞ্জল বৰদলৈ আদিকে ধৰি বিভিন্নজনে কিনকিনীয়া বৰষুণৰ মাজতো কবিতা পাঠ কৰি অনুষ্ঠানটিক অন্য এক মাত্ৰা প্ৰদান কৰে । বাৰিষাৰ সেমেকা বতাহে আবৰি ৰখা নান্দনিক পৰিবেশটোত নিজস্ব অনুভৱ ব্যক্ত কৰে শিশু বন্ধু দুলাল বৰা , সাংবাদিক দেৱজিৎ হাজৰিকা,ৰিতুপৰ্ণ শৰ্মা  আৰু জয়ন্ত মুদৈ , লেখিকা কৰবী লিগিৰা আদিয়ে । কবি নৱকান্ত বৰুৱাৰ প্ৰিয় প্ৰতীক দলঙৰ ওপৰতেই অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত কবি কণ্ঠৰ নিসৃত ধ্বনিয়ে কলঙৰ বুকুত খলকনি তুলিবলৈ সক্ষম হয় ।

Your Comments