বঙাইগাঁওঃ
বঙাইগাঁও জিলাত দেখা দিয়া জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ বঙাইগাঁও জিলা প্ৰশাসনে স্বাস্থ্য বিভাগৰ সহযোগত এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই ব্যৱস্থাৰ অংশ হিচাপে বঙাইগাঁও চহৰৰ লগতে জিলাখনত মহৰ বংশ বৃদ্ধি ৰোধৰ বাবে ইতিমধ্যে জিলা উপায়ুক্ত আদিল খানৰ নিৰ্দেশত জিলাখনৰ প্ৰধান প্ৰধান ঠাইসমূহৰ নলা-নৰ্দমাত 'গাপ্পি' নামৰ মাছৰ পোনা মেলাৰ ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে ৷ উল্লেখ্য যে জাপানীজ এনকেফেলাইটিছ, ডেংগু, মেলেৰিয়া আদি ৰোগসমূহ যিহেতু মহৰ পৰা হয়, সেয়ে মহৰ বংশ বৃদ্ধি ৰোধ কৰাৰ বাবে মহৰ লেটা খাব পৰা গাপ্পি মাছৰ পোনা মেলি এই ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ শুকুৰবাৰে নিশা জিলা উপায়ুক্তগৰাকীয়ে নিজে বঙাইগাঁও চহৰৰ বিভিন্ন স্থানৰ নলা-নৰ্দমাত এই মাছৰ পোনা মেলি ইয়াৰ শুভাৰম্ভ কৰে ৷ চহৰখনৰ পাগলাস্থানস্থিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ নলাত জিলা উপায়ুক্তগৰাকীয়ে এই গাপ্পি মাছৰ পোনা মেলি দিয়া কাৰ্যৰ শুভাৰম্ভ কৰে ৷
ইয়াৰ উপৰিও চহৰখনৰ ৰে'লৱে নিউ কলনি, অ'ল্ড কলনি, বঙাইগাঁও থানাৰ ওচৰত, হৰিজন কলনি, নিউ বঙাইগাঁও আদি বিভিন্ন এলেকাৰ নলা- নৰ্দমাত এই মাছৰ পোনা মেলি দিয়া হয় ৷ ইপিনে জিলা উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰা মতে এই মাছে মহ আৰু আন কীট-পতংগ খাই জীয়াই থাকে ৷ একোটা গাপ্পি মাছে এদিনতে তিনিশ মহৰ লেটা ( কণী ফুটাৰ পিচৰ অৱস্থা) খাব পাৰে ৷ যাৰ বাবে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ হোৱা অঞ্চলত এই মাছ মহৰ বংশবৃদ্ধি ৰোধৰ ক্ষেত্ৰত বিশেষ সহায়ক হয় ৷ তেওঁ গুৱাহাটীৰ খানাপাৰাস্থিত ' নেচনেল ইন্সটিটিউট অৱ মেলেৰিয়া ৰিছাৰ্চ চেন্টাৰ'ৰ পৰা জিলা প্ৰশাসনৰ উদ্যোগত স্বাস্থ্য বিভাগৰ দ্বাৰা পাঁচ হেজাৰ এই মাছৰ পোনা অনা বুলি জানিবলৈ দি পৰৱৰ্তী পৰ্যায়ত স্থানীয়ভাৱে উৎপাদন কৰাৰ ব্যৱস্থা লোৱা হ’ব বুলিও কয় ৷ লগতে পৰ্যায়ক্ৰমে জিলাখনৰ প্ৰায়সমূহ স্থানতে এই মাছৰ পোনা মেলি দিয়া হ’ব বুলিও তেওঁ প্ৰকাশ কৰে ৷ জিলা উপায়ুক্তগৰাকীয়ে মহ নিয়ন্ত্ৰণৰ বাবে এই ব্যৱস্থাটোক নিৰাপদ আৰু পৰিৱেশ সন্মত বুলি মন্তব্য কৰি কয় যে মহৰ পৰা পৰিত্ৰাণ পাবলৈ চহৰ অঞ্চলত ধোঁৱা আদি দিয়া হয় যদিও তাত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয় বাবে সেয়া স্বাস্থ্যৰ বাবে কিছু ক্ষতিকাৰক ৷
উল্লেখ্য যে উপায়ুক্ত গৰাকীয়ে মাছৰ পোনা মেলি দিয়াৰ সময়ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰী, মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া, ডি এম অ, ডিভিবিডিচি, এপিডেমিঅ’জিষ্ট আৰু জিলা মীন বিষয়া আদি উপস্থিত থাকে ৷ এই গাপ্পি মাছ বঙাইগাঁও চহৰৰ লগতে শনিবাৰে অভয়াপুৰী চহৰৰ নলা- নৰ্দমাতো মেলি দিয়া হয় ৷ বঙাইগাঁৱতে ৩,৫০০ আৰু অভয়াপুৰীত ডেৰ হেজাৰ মাছৰ পোনা মেলি দিয়া হয় ইতিমধ্যে জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোধৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
- Log in to post comments
- 34 views