চিৰাঙৰ ঢালিগাঁৱত ড্ৰাগছৰ অপব্যৱহাৰ আৰু ইয়াৰ কুপ্ৰভাৱ সন্দৰ্ভত সজাগতা সভা

bgn

বঙাইগাঁওঃ 

চিৰাং জিলাৰ ঢালিগাঁও হাইস্কুলৰ প্ৰেক্ষাগৃহত ড্ৰাগছৰ অপব্যৱহাৰ আৰু ইয়াৰ কুপ্ৰভাৱ প্ৰতিৰোধৰ ওপৰত শনিবাৰে এখন সজাগতা   সভা অনুষ্ঠিত হয় । কোকৰাঝাৰ জিলাৰ দেৱৰগাঁৱস্থিত বেচৰকাৰী সংস্থা 'আলায়াৰণ' ৰ  উদ্যোগত আৰু কোকৰাঝাৰ জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত এই সজাগতা সভা অনুষ্ঠিত হয় । এই সজাগতা অনুষ্ঠানত কাজলগাঁও পৌৰ সভাৰ সভাপতি পানীৰাম ব্ৰহ্মই চিৰাঙত সমাজৰ বাবে মাৰাত্মক ব্যাধি হিচাপে চিহ্নিত ড্ৰাগছৰ ওপৰত সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰি শিক্ষাৰ্থী আৰু অভিভাৱক সকলক সজাগ কৰিব খোজা প্ৰচেষ্টাক আদৰণি জনাই ন প্ৰজন্মক ইয়াৰ কৱলৰ পৰা আঁতৰাই ৰখাৰ ওপৰত গুৰুত্বাৰোপ কৰে ৷ অনুষ্ঠানত স্বেচ্ছাসেৱী সংস্থা 'আলায়াৰণ' ৰ সভীনেত্ৰী তথা ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ  মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই মাৰাত্বক ড্ৰাগছৰ ব্যৱসায়, সৰৱৰাহ আদিৰ ওপৰত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰি  সমাজত সজাগতা সৃষ্টিৰ বাবে কিছু স্বেচ্ছাসেৱী অনুষ্ঠানক দায়িত্ব প্ৰদান কৰাৰ কথা ব্যক্ত কৰে ৷

লগতে এই সজাগতাৰ জৰিয়তে উঠি অহা যুৱ প্ৰজন্ম সচেতন হ'ব বুলি আশা ব্যক্ত কৰে ৷ অনুষ্ঠানত মানসিক ৰোগৰ চিকিৎসক ডাঃ ঋষিকেশ কলিতা আৰু পৰামৰ্শদাতা সৃষ্টি ব্ৰহ্মই সমল ব্যাক্তি হিচাপে ড্ৰাগছৰ ভয়াৱহতাৰ ওপৰত আলেকপাত কৰি ইয়াৰ প্ৰতিৰোধ আৰু নিচাজাতীয় দ্ৰব্য সেৱনৰ কুপ্ৰভাৱ লগতে এই কুপ্ৰভাৱ কেনেদৰে আঁতৰাব পাৰি তাৰ ওপৰত বহলাই আলোচনা আগবঢ়ায় ৷ অনুষ্ঠানত বিপিএফৰ মহিলা গোটৰ সভানেত্ৰী সুপ্ৰীয়া ৰাণী ব্ৰহ্ম, আলাৰায়ণ স্বেচ্ছাসেৱী সংস্থাটোৰ প্ৰাক্তন সম্পাদিকা কানন বসুমতাৰী, বৰ্তমানৰ সম্পাদিকা উমাৰাণী বসুমতাৰীয়ে অতিথি হিচাপে উপস্থিত থাকে ৷ অনুষ্ঠানত চিৰাং জিলাৰ কে'বাখনো হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে অংশ গ্ৰহণ কৰে ।

Your Comments