বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
পশ্চিম বড়িগোগ মৌজাৰ বৃহত্তৰ বাৰাংহাটী অঞ্চলৰ সামাজিক প্ৰতিষ্ঠান সুদৰ্শন ক্লাৱৰ উদ্যোগত আৰু হেপাহ যুৱ সমাজৰ সহযোগত বাৰাংহাটী উচ্চ বুনিয়াদী বিদ্যালয় প্ৰাংগণত আজি দিনৰ ভাগত অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰছাত্ৰীসকলৰ লগতে সমাজসেৱী ধাৰেশ্বৰ কলিতাক সম্বৰ্দ্ধনা জনোৱা হয়।৷ এই উপলক্ষে দিনৰ ১২ বজাত অৱসৰপ্ৰাপ্ত শিক্ষক অমুল্য কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বাৰাংহাটী উচ্চ বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক নগেন শালৈ, সাংবাদিক নৰেন শৰ্মা, সমাজসেৱক ৰজত চন্দ্ৰ কলিতা, গাওঁবুঢ়া পংকজ শইকীয়া, সমাজসেৱক শশধৰ কলিতা, শিক্ষক দুলাল কলিতা প্ৰমুখে ভাষণ দিয়ে৷ সভাৰ উদ্দেশ্য ব্যখ্যা কৰে সুদৰ্শনৰ সদস্য ধীৰাজ শইকীয়াই, আতধৰে কৃষ্ণ কলিতাই। সভাত ছাত্ৰছাত্ৰী সকলৰ লগতে সমাজকৰ্মী ধাৰেশ্বৰ কলিতাক ফুলাম জাপি, গামোছা, মানপত্ৰ, কিতাপ, কলম আদিৰে সম্বৰ্দ্ধনা জনায়৷ যুৱকবি হিতেশ্বৰ কলিতা আৰু ভাস্কৰ কলিতাই স্বৰচিত কবিতা পাঠ কৰি উপস্থিত ৰাইজৰ সমাদৰ লাভ কৰে৷ ইয়াৰ আগতে পুৱা সুদৰ্শন ক্লাৱৰ উপদেষ্টা বিশু ডেকাই পতাকা উত্তোলন,গাওঁ বুঢ়া পংকজ কলিতাই স্মৃতি তৰ্পণ,ৰ ঙিয়া আঞ্চলিক পঞ্চায়তৰ উপসভাপতি ৰূমা মজুমদাৰ আৰু শিক্ষক দুলাল কলিতাই বৃক্ষ ৰোপণ কাৰ্য্সূচী ৰূপায়ণ কৰাৰ পিচতে প্ৰয়াত বসন্ত কুমাৰ শৰ্মা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷
- Log in to post comments
- 58 views