সাংবাদিক নীলু আচাৰ্য, জিতু কলিতালৈ দত্ত দেৱ গোস্বামী সোঁৱৰণী গ্ৰাম্য সাংবাদিকতা বঁটা

majuli2

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

মানুহৰ মনঃসংযোগ কৰিব পাৰে সাংবাদিকে। সমাজ সত্তাৰ মূল ৰচনা কৰিব পাৰে । দেশ, জাতিৰ নিৰাপত্তাৰ বাবে সমাজৰ প্ৰতি সচেতনতা সৃষ্টি কৰা ব্যক্তিগৰাকীয়েই হ'ল সাংবাদিক। যাক অতন্দ্ৰ প্ৰহৰী বুলি কোৱা হয়। এই বক্তব্য মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড' পীতাম্বৰ দেৱ গোস্বামীৰ। আউনীআটী সত্ৰৰ পৃষ্ঠপোষকতাত মাজুলী জিলা সাংবাদিক সন্থাৰ উদ্যোগত ২০০৬ চনৰ পৰা প্ৰৰ্ৱত্তন কৰা অসমৰ সংবাদ জগতৰ ভোটতৰা স্বৰূপ প্ৰবাদ পুৰুষ আউনীআটী সত্তৰ একাদশগৰাকী সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীৰ সোঁৱৰণত সদৌ অসম গ্ৰাম্য সাংবাদিকতা বঁটা ২০১৭ আৰু ২০১৮ বৰ্ষৰ বাবে নিৰ্বাচিত দুগৰাকী সাংবাদিকলৈ আজি প্ৰদান কৰি আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড' পীতাম্বৰ দেৱ গোস্বামীয়ে এই দৰে কয়। তেওঁ কয় যে  সাংবাদিকসকল আমাৰ সমাজ জীৱনৰ নমস্য ব্যক্তি । তেওঁলোকৰ অবিহনে এখন সমাজ সুস্থিৰভাৱে কেতিয়াও বৰ্তী থাকিব নোৱাৰে। এই আৰ্হিৰ এগৰাকী প্ৰবাদ পুৰুষ আউনীআটী সত্ৰৰ একাদশগৰাকী সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে সমাজ জীৱনৰ বাবে দু:সাহসীক প্ৰচেষ্টাৰে সমাজলৈ আগবঢ়োৱা সেৱা সকলোৰে বাবে স্মৰণীয় বুলিও সত্ৰাধিকাৰ গোস্বামীয়ে গুৰুত্বপূৰ্ণ মন্তব্য দিয়ে ।

majuli1

আজি পুৱা এঘাৰ বজাৰ পৰা মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ চ'ৰাত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠান উদ্বোধন কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড' দেৱজিৎ শইকীয়াই। মাজুলী জিলা সাংবাদিক সংস্থাৰ সভাপতি অৰুণ বৰাৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত দত্তদেৱ গোস্বামী সোঁৱৰণী সদৌ অসম গ্ৰাম্য সাংবাদিকতা বঁটা ২০১৭ বৰ্ষৰ বাবে যোৰহাট বাহনা নিয়মীয়া বাৰ্তাৰ সাংবাদিক তথা বিশিষ্ট প্ৰকৃতি কৰ্মী জিতু কলিতা আৰু ২০১৮ বৰ্ষৰ বাবে বোকাখাতৰ দৈনিক জনমভূমিৰ জেষ্ঠ সাংবাদিক নীলু আচাৰ্যলৈ প্ৰদান কৰা হয় । আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড' পীতাম্বৰ দেৱ গোস্বামীয়ে প্ৰদান কৰা এই বঁটাত আছে এটা স্বৰ্ণ পদক, সফুঁৰা, সম্বৰ্ধনা পত্ৰ, চেলেং, জাপি, গ্ৰন্থৰ টোপোলা আৰু নগত ধন। অন্যহাতে মাজুলী জিলা সাংবাদিক সংস্থাই প্ৰৱৰ্তন কৰা নিত্যানন্দ ভৰালী সোঁৱৰণী সাংবাদিকতা বঁটা ২০১৮ বৰ্ষৰ বাবে মাজুলীৰ আমাৰ অসমৰ জেষ্ঠ সাংবাদিক খগেন হাজৰিকা আৰু ২০১৯ বৰ্ষৰ বাবে দৈনিক জনমভূমিৰ ডিম্বেশ্বৰ দত্তক বঁটা প্ৰদান কৰা হয় । এই বঁটাত এখন সম্বৰ্ধনা পত্ৰ, চেলেং,  জাপি, সফুঁৰা আৰু গ্ৰন্থৰ টোপোলা আছে । ইপিনে প্ৰয়াত কুমুদ দত্তৰ পৰিয়ালে আগবঢ়োৱা কুমুদ দত্ত সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা ২০১৯ ৰ বৰ্ষৰ বাবে দৈনিক জনমভূমি, অসমীয়া প্ৰতিদিনৰ জেষ্ঠ সাংবাদিক যদু কলিতা আৰু ২০১৮ বৰ্ষৰ বাবে ডি ৱাই ৩৬৫ ৰ সাংবাদিক মিটু খাটনিয়াৰক এই একেটা অনুষ্ঠানতে প্ৰদান কৰা হয় । এই বঁটাত সফুঁৰা, সম্বৰ্ধনা পত্ৰ, চেলেং,  জাপি আৰু নগত ধন আছে । মাজুলী জিলা সাংবাদিক সংস্থাৰ ন্যাস উপ সমিতিৰ সভাপতি ৰঞ্জিত ভূঞা আৰু সম্পাদক সঞ্জীৱ কুমাৰ দত্তই আঁত ধৰা অনুষ্ঠানত সদৌ অসম সাংবাদিক সংস্থাৰ সম্পাদক ৰাতুল বৰা, মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নৰেন চন্দ্ৰ ঠাকুৰীয়া, বিশিষ্ট সমাজ কৰ্মী ৰামেশ্বৰ দলে আদি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰাৰ লগতে বঁটা প্ৰাপক ক্ৰমে নীলু আচাৰ্য আৰু জিতু কলিতাই বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, অসম সাহিত্য সভা মাজুলী জিলা সমিতিৰ সভাপতি প্ৰভাত বুঢ়াভকত, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জগত হাজৰিকা, জেষ্ঠ সাংবাদিক বিপিন শইকীয়া, মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড' আনন্দ হাজৰিকা, অধ্যাপক তুলসী ৰাজখোৱা আদিকে ধৰি বিভিন্ন বিশিষ্ট নাগৰিক উপস্থিত থাকে । ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নলৈ সাধাৰণ সম্পাদক হিচাপে নৱ নিৰ্বাচিত ৰাতুল বৰা আৰু অলপতে ঘোষণা কৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত ইংৰাজী বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানত উৰ্ত্তীণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়াই অনা মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড' আনন্দ হাজৰিকাৰ সুযোগ্য পুত্ৰ অজিতাভ হাজৰিকাক মাজুলী জিলা সাংবাদিক সংস্থাই সম্বৰ্ধনা জনোৱা হয় । ইপিনে আউনীআটী সত্ৰৰ একাদশ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে অসমীয়া ধৰ্মীয়, ভাষা, সংস্কৃতি আদিকে ধৰি বিভিন্ন দিশত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে দত্তদেৱ গোস্বামীৰ জন্ম দিনটো ৰাজ্যিক প্ৰেছ দিৱস হিচাপে উদযাপন কৰাৰ দাবীত এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

Your Comments