ওদালগুৰিৰ পৰা ৰিজুল হক
ওদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত কদমতলা গাঁৱৰ মাজেৰে বৈ যোৱা কাৱাডাংগা নদীয়ে শেহতীয়াকৈ ব্যাপক খহনীয়াৰ সৃষ্টি কৰি কৃষিভূমিলৈ নমাই আনিছে তীব্ৰ ভাবুকি।নদীখনৰ পাৰৰ শক্তিশালী বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটা এতিয়া নদীত জাহ যোৱাৰ উপক্ৰম হোৱাত অঞ্চলবাসী ৰাইজ আতংকিত হৈ পৰিছে।
উল্লেখ্য যে উক্ত বিদ্যুৎ পৰিবাহী তাঁৰডাল ১,৩২০০০ কেভিৱাটৰ শক্তিসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ।এনে শক্তিসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ যদিহে মাটিত পৰি যায়,যিকোনো সময়তে বিপদ নামি আহিব পাৰে।নদীৰ খহনীয়া বিদ্যুৎ খুঁটাটোৰ একেবাৰে ওচৰ চাপি অহা প্ৰত্যক্ষ কৰি স্থানীয় জহন মাৰ্দি নামৰ যুৱকজনে কলাইগাঁও বিদ্যুৎ বিভাগক অৱগত কৰায়।ইয়াৰ পিছত তেজপুৰস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ পৰা ৰেৱতী মোহন ফুকনৰ নেতৃত্বত কেইবাগৰাকীও ব্যক্তি উক্ত স্থানত উপস্থিত হয়।
তেওঁলোকে বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটাটোক নদীৰ গড়াখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ স্থানীয় ৰাইজৰ সহযোগত ভলুকা বাঁহেৰে পাৰ্কুপাইন দিয়াৰ লগতে খহনীয়াৰ ঠাইত মাটিভৰ্তি বস্তা দি খুঁটাটোক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
- Log in to post comments
- 115 views