মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান কৰাৰ লগতে ভাতৃঘাটি সংঘাত লগোৱাৰ চেষ্টা কৰা হৈছে : গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ 

bgn

বঙাইগাঁওঃ  'কোনে কি ভাষাত কবিতা লিখে সেইটো আমাৰ বিশেষ ক'বলগীয়া নাই ৷ কিন্তু সেই কবিতাৰে অসম , অসমীয়া জাতি আৰু ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰত হেয় প্ৰতিপন্ন কৰাটো কেতিয়াও সহ্য কৰা নহ'ব ৷' এই মন্তব্য সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ ৷ শনিবাৰে বঙাইগাঁও চহৰৰ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত সংগঠনটোৰ সাধাৰণ সম্পাদক আজিজুল ৰহমানে এই মন্তব্য কৰে ৷ সংবাদ মেলত সংগঠনটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে এটা চক্ৰই কেইদিনমান ধৰি পৰিকল্পিতভাৱে খিলঞ্জীয়া মুছলমান , গৰিয়া- মৰিয়া- দেশী আদিক মিঞা জনগোষ্ঠী বুলি কৈ এক ভাতৃ ঘাটি সংঘাত লগোৱাৰ চেষ্টা কৰিছে ৷ এই চক্ৰটোৱে ইয়াতে ক্ষান্ত নাথাকি অসমীয়া জাতিৰ গৌৰৱ বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকীকো মিঞা সজোৱাৰ বাবে উঠি পৰি লাগিছে ৷ আনকি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰাকক্ষণত এইদৰে ভাতৃ ঘাটি সংঘৰ্ষ লগাই এন আৰ চি ৰ কাম স্তব্ধ কৰৰ বাবে গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলিও  সাধাৰণ সম্পাদকগৰাকীয়ে অনুভৱ কৰা বুলি কয় ৷

লগতে আৰু কয় যে কিছুদিন ধৰি সংবাদ মাধ্যম আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি প্ৰত্যক্ষ কৰি আছো যে কেইজনমান ব্যক্তিয়ে মিঞা কবিতাৰ জৰিয়তে অসম আৰু অসমীয়াক বিশ্ব দৰবাৰত হেয় প্ৰতিপন্ন কৰিছে ৷ কাৰণ এই কবিতাবোৰৰ জৰিয়তে মিঞা ছোৱালীবোৰক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ উপৰিও কিছুমান আপত্তিজনক কথা উল্লেখ কৰিছে ৷ যিটো বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিছে আৰু ইয়াৰ দ্বাৰা অসমীয়া জাতিক হেয় প্ৰতিপন্ন কৰা পৰিলক্ষিত হৈছে ৷ সেয়ে ইয়াৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৰ ফালৰ পৰা বঙাইগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিব বুলিএ সাধাৰণ সম্পাদকগৰাকীয়ে সংবাদ মেলত প্ৰকাশ কৰে ৷ সংবাদ মেলত সাধাৰণ সম্পাদক আজিজুল ৰহমানে কয় যে কোনে কি ভাষাত কবিতা লিখে সেইটোত আমাৰ ক'বলগীয়া নাই ৷ কিন্তু সেই কবিতাৰে অসম,অসমীয়া জাতি আৰু ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰত হেয় প্ৰতিপন্ন কৰাটো কেতিয়াও সহ্য কৰা নহ'ব ৷ কাৰণ অসমৰ ভূমিপুত্ৰ ইছলামধৰ্মী গৰিয়া- মৰিয়া-দেশী আদি জনগোষ্ঠীৰ লোকসকলে কেতিয়াও কোনো কালতে অসমৰ অস্তিত্ব আৰু প্ৰভূত্ব হেৰোৱা কাৰ্যত লিপ্ত হোৱা নাই আৰু অদূৰ ভৱিষ্যতেও তেনেকুৱা চিন্তাধাৰা আৰু কাৰ্যৰ প্ৰতি বিৰত থাকিব ৷

আনহাতে এন আৰ চি আছিল অসম আন্দোলনৰ ৮৫৫ জন ছহিদৰ কেঁচা তেজ আৰু ঘূণীয়া, মাতৃহাৰা, পিতৃহাৰা, ভাতৃহাৰা , ভগ্নী হেৰোৱা এক বেদনাৰ প্ৰতিফল ৷ যি অসম আন্দোলনত গৰিয়া-মৰিয়া- দেশী আদি জনগোষ্ঠীৰ লোকসকলে অসমী আইক ৰক্ষাৰ্থে নেতৃত্ব বহন কৰি বুকু পাতি বলিদান দিছিল ৷ এই অসম আন্দোলনৰ বিৰোধিতা কৰি ধৰ্মীয় আবেগেৰে সেই সময়তে আমছু নামৰ সংগঠনৰ জন্ম হৈছিল যদিও এই ইছলামধৰ্মী লোকসকলে কিন্তু সেই সংগঠনৰ প্ৰতি আকৰ্ষিত নহৈ তীব্ৰ গতিত অসম আন্দোলনটো চলাই নিছিল ৷ সেইদৰে অসম চুক্তিৰ বিৰোধিতা কৰিবলৈ জন্ম লোৱা ৰাজনৈতিক দল ইউ এম এফক এই খিলঞ্জীয়া লোকসকলে কেৰেপ নকৰি আমাৰ অধ্যুষিত অঞ্চলত ইয়াৰ প্ৰভাৱে পৰিবলৈ নিদিলে ৷ কিন্তু ইতিহাসপূৰ্ণ এই জনগোষ্ঠীৰ প্ৰায় ৪২ ৰ পৰা ৪৫ লক্ষ জনতান বাৰে বাৰে একেলগে সাঙুৰি লৈ ৰাজ্যৰ বাহিৰত আৰু আন্তঃ ৰাষ্ট্ৰীয় দৰবাৰ তথা কিছুমান প্ৰচাৰ মাধ্যমত অসমৰ প্ৰায় এক কোটি ওঠৰ লক্ষ মানুহৰ সৈতে হাৰাশাস্তি আৰু নিৰ্যাতিত হোৱা  বুলি কিছুমান ভুল বাৰ্তা প্ৰেৰণ কৰি আহিছে বুলি কয় ৷

 অসমৰ ইতিহাসত এই জনগোষ্ঠীৰ লোকসকলৰ অঞ্চলত নাইবা অনুষ্ঠান- প্ৰতিষ্ঠান আদিত কোনো দিনে আৰু কোনো কালে কোনো সাম্প্ৰদায়িক সংঘৰ্ষ নাইবা হিংসাৰ বলি হোৱা নাই ৷ সেয়ে গৰিয়া-মৰিয়া-দেশীসকলক যদি ৰাষ্ট্ৰীয় আৰু আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত বাৰে বাৰে সাঙুৰি লৈ এনেকুৱা বৈষম্যময় কাৰ্যত লিপ্ত কৰি লজ্জিত আৰু বদনামী কৰে তেন্তে সেইসকলৰ বিৰুদ্ধে সংগঠনটোৱে সাত সাৱতি বহি নাথাকি তৎকালীনভাৱে বিহিত ব্যৱস্থা ল'ব বুলি স্পষ্ট কৰি দিয়ে ৷ সংবাদ মেলত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক আতিকুল হুছেইন বৰা, কেন্দ্ৰীয় সমিতিৰ সদস্য চলেমান আলী, ইমৰাণ আলী, বঙাইগাঁও জিলা সমিতিৰ সভাপতি ফৰিজুল হক, সাধাৰণ সম্পাদক হাচিফুল ইছলাম, ধুবুৰী জিলা সমিতিৰ সভাপতি চফিয়াৰ ৰহমান আৰু বিলাসীপাৰা জিলা সমিতিৰ সভাপতি শ্বাহনাৱাজ হুছেইন আদি উপস্থিত থাকে আৰু গৰিয়া- মৰিয়া- দেশী জনগোষ্ঠীটোক সাঙুৰি লৈ এটা চক্ৰই ভাতৃ ঘাটি সংঘাত লগোৱাৰ যি চেষ্টা অব্যাহত ৰাখিছে তাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে  ৷

লগতে মিঞা পৰিষদ নামৰ পাবত গজা সংগঠনটোৱে মিঞা কবিতাৰে যি অসমীয়া জাতিক অপমান কৰিছে তাক গৰিহণা দিয়াৰ লগতে এই ভুৱা সংগঠনটোৰ লগতে যিসকলে ভুৱা কবিতা, ভিডিঅ বনাই আছে, সেইসকলক অসম চৰকাৰক তৎকালে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায় ৷ একেদৰে অসমত অসমীয়া ভাষাক বিলোপ কৰি পুনৰ অসমত বাংলা ভাষা প্ৰচলৰ বাবে এক চক্ৰই ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰি এনে কাৰ্যক সংগঠনটোৱে কেতিয়াও মানি নলয় বুলি কয় ৷ আমি অসমীয়া আৰু হাড়ে - হিমজুৱে অসমীয়া হৈয়ে থাকিম বুলিও কয় ৷ উল্লেখ্য যে সংবাদ মেলৰ পিছতে সংগঠনটেৱে বঙাইগাঁও সদৰ থানাত মিঞা ভাষাৰ  কবিতা লেখি অসমীয়া জাতিক অপমান কৰাৰ লগতে ভাতৃঘাটি সংঘাত লগোৱাৰ চেষ্টা কৰি বিশ্ব দৰবাৰত অসমীয়া হেয় প্ৰতিপন্ন কৰা আৰু গৰিয়া- মৰিয়া-দেশী আদি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীকো মিঞা জনগোষ্ঠী বুলি কৈ সংঘাত লগোৱাৰ চেষ্টা কৰা তথা অসমীয়া জাতিৰ গৌৰৱ বাঘ হাজৰিকা ওৰফে ইছমাইল চিদ্দিকীক মিঞা বুলি অপমান কৰাৰ অভিযোগ কৰি লেখক  হাফিজ আহমেদ, আশ্ৰাফুল হকৰ লগতে ৰেহেনা চুতানা, মিঞা পৰিষদৰ সভাপতি মিঞা গিয়াছ উদ্দিন হাজৰিকা, সাংবাদিক জহিৰুল ইছলাম, অসম বাঘ সেনাৰ সেনাধ্যক্ষ মিঞা ৰফিকুল ইছলাম আৰু মিঞা পৰিষদৰ সাধাৰণ সম্পাদক মিঞা মহৰ আলীসহ সাত জনৰ  বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷

Your Comments