হাজোৰ বান পৰিস্থিতিৰ বুজ ললে সাংসদ কুইন ওজাই 

hajo

হাজোৰ পৰা  কমলাকান্ত দাস :
হাজোৰ ভয়াবহ বান পৰিস্থিতিৰ বুজ লবলৈ শনিবাৰে গুৱাহাটী লোক সভা সমষ্টিৰ সাংসদ কুইন ওজা উপস্থিত হয় হাজোৰ মনাহকুছিৰ সমীপৰ কছুবাৰবৰীত।শুকুৰবাৰে বিয়লি কচুবাৰবৰীত পুঠিমাৰী নৈৰ মথাউৰী চিঙি বানে গাওঁখনৰ শতাধিক ঘৰ-দুৱাৰৰ লগতে বহু কেইখন খেতিৰপথাৰ বুৰাই পেলায়।সাংসদ ওজাই বানপীড়িত লোকসকলৰ শিবিৰত গৈ খা-খবৰ লোৱাৰ লগতে বানৰ কবলত পৰা লোক সকলক সাহাৰ্য প্ৰদান প্ৰদাশ কৰিব বুলিও কয়। ইফালে মথাউৰী চিঙা সম্পৰ্কে এক বিতং তদন্ত কৰিব বুলিও সাংসদ কুইন ওজাই সদৰী কৰে। ইফালে আজিও অপৰিবৰ্তিত হৈ আছে হাজোৰ বান পৰিস্থিতি। ন ন গাঁৱ বুৰাই আছে বানে। জনজীৱনৰ লগতে পশুধনো ভীষণ  অসুবিধাৰ সন্মুখীন হৈছে।

Your Comments