বঙাইগাঁও শোধনাগাৰৰ স্বচ্ছতা পষেকত জলাশয় পৰিষ্কাৰ, শোভাবৰ্ধনত গুৰুত্বাৰোপ

bgn

বঙাইগাঁওঃ

১৩ জুলাইঃ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি ভাৰতীয় তেল নিগমৰ অধীনৰ বঙাইগাঁও শোধনাগাৰে পহিলা জুলাইৰ পৰা আৰম্ভ কৰা স্বচ্চতা পষেকৰ শনিবাৰে সামৰণি মাৰে ৷ কেন্দ্ৰীয় চৰকাৰে ভৱিষ্যত প্ৰজন্মৰ বাবে পৰিত্যক্ত জলাশয় আৰু ইয়াৰ উপযোগিতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অহাত বঙাইগাঁও শোধনাগাৰৰ সামাজিক দায়ৱদ্ধতা আঁচনিৰ অধীনত অন্যান্য কাৰ্যসূচীৰ লগতে স্বচ্ছতা পষেক উপলক্ষে বঙাইগাঁও চহৰৰ দোলাইগাঁওস্থিত প্ৰতিমা বিসৰ্জন ঘাট (মটৰ গাড্ডা) হিচাপে পৰিচিত বৃহৎ জলাশয়টোক আৱৰ্জনামুক্ত কৰি পৰিষ্কাৰ কৰি ৰখাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৷ এই উপলক্ষে শনিবাৰে বঙাইগাঁও মহাবিদ্যালয়ৰ সভাকক্ষত এক অনুষ্ঠান অনুষ্ঠিত হয় ৷ সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি স্থানীয় বিধায়ক তথা ৰাজ্যৰ যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে নিজৰ ভাষণত কয় যে তৈল উদ্যোগ বঙাইগাঁও শোধনাগাৰে বঙাইগাঁও অঞ্চলৰ যিমান সামাজিক কাম- কাজ ৰূপায়ণত গুৰৰুত্ব প্ৰদান কৰিব লাগিছিল সেই অনুসৰি কৰা নাই বুলি প্ৰকাশ কৰে ৷ অৱশ্যে মন্ত্ৰীগৰাকীয়ে লগতে শোধনাগাৰে কিছু কাম কৰিছে বুলিও ভাষণত ব্যক্ত কৰে ৷ তেওঁ ৰাজ্য চৰকাৰে বঙাইগাঁও চহৰ উন্নয়নৰ বাবে এশ কোটি টকা মঞ্জুৰ কৰিছে বুলি উল্লেখ কৰি বঙাইগাঁও পৰিৱেশ উদ্যানৰ সৌন্দৰ্যবৰ্ধনৰ বাবে প্ৰায় ১৫ কোটি টকাৰ আঁচনি গ্ৰহণ কৰা বুলি কয় ৷ ইয়াৰোপৰি কুকুৰমাৰীৰ বেংতল গেট-মহাবীৰ স্থান গড়কাপ্তানি পথৰ উন্নীতকৰণৰ বাবে পাঁচ কোটিৰ অধিক টকা , উত্তৰ বঙাইগাঁৱৰ ষ্টেডিয়ামখন উন্নীতকৰণৰ বাবে বিশ কোটি টকা, দোলাইগাঁৱত এটা সংগ্ৰাহালয় স্থাপনৰ বাবে ডেৰ কোটি টকা ,পালপাৰা হৈ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ উন্নীতকৰণ আদিৰ বাবে বাজেট ধৰা হৈছে বুলি উল্লেখ কৰে ৷bgn2

আনহাতে অনুষ্ঠানত বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে উদ্যোগ সমূহে ৰাইজৰ মাজত থাকি সামাজিক কাম কাজত গুৰুত্ব দিলে উদ্যোগৰ লাভৰ লগতে সমাজৰো উন্নতি হোৱাৰ কথা ব্যক্ত কৰি বঙাইগাঁও তৈল উদ্যোগটোৱে ৰাইজৰ সমস্যাৰ কাম কৰিব বুলি অাশা ব্যক্ত কৰে ৷ অনুষ্ঠানত বঙাইগাঁও শোধনাগাৰৰ মুখ্য মহা প্ৰৱন্ধক (ভাৰপ্ৰাপ্ত) অৰবিন্দ কলিতাই শোধনাগাৰে কৰি অহা সামাজিক কামৰ ওপৰত ব্যক্তব্য ৰখাৰ লগতে বঙাইগাঁও মহাবিদ্যালয়ৰ সন্মুখৰ জলাশয়টো পৰিষ্কাৰ কৰি জলাশয়ত পানী বিশুদ্ধ কৰি ৰখাৰ উপৰি সীমা এলেকাত পাৰ বান্ধি গছ ৰোপণেৰে এক সুন্দৰ পৰিৱেশ গঢ়াৰ কথা ব্যক্ত কৰে ৷ সভাত বঙাইগাঁও পৌৰসভাৰ সভাপতি দীপু চৌধুৰী, বঙাইগাঁও শোধনাগাৰৰ মুখ্য মহাপ্ৰৱন্ধক(প্ৰকল্প) কৈলাশ পতি আৰু মুখ্য মহাপ্ৰৱন্ধক (কাৰিকৰী) দেৱজিত গগৈয়ে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ৷ অনুষ্ঠানত শোধনাগাৰৰ বিষয়া- কৰ্মচাৰী, স্থানীয় ৰাইজ, মহাবিদ্যালয়ৰ শিক্ষক, শিক্ষাৰ্থী উপস্থিত থাকে ৷ এই কাৰ্যসূচীৰ পাছতে মুখ্য অতিথি ফণী ভূষণ চৌধুৰী, জিলা উপায়ুক্ত আদিল খান, শোধনাগাৰৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অমৰেন্দ্ৰ কলিতা সহ অতিথি বৃন্দই জলাশয়ৰ আৱৰ্জনা পৰিষ্কাৰ কাৰ্যসূচী মুকলি কৰাৰ লগতে জলাশয়ৰ পাৰত বিভিন্ন গছৰ পুলি ৰোপণ কৰে ৷ অনুষ্ঠানৰ আৰম্ভণিতে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে শোধনাগাৰৰ ভাৰপ্ৰাপ্ত মহাপ্ৰৱন্ধক অমৰেন্দ্ৰ কলিতাই অনুষ্ঠানত উপস্থিত থকা সকলোকে স্বচ্ছা পষেকৰ শপত বাক্য পাঠ কৰোৱায় ৷

Your Comments