নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ আকাংক্ষা (কুঁৱলী)তামুলীক ২০১৯ বৰ্ষৰ "এখুদ ককাইদেউ" বঁটা প্ৰদান কৰা হ'ব । আজি নৱকান্ত বৰুৱাৰ স্মৃতি দিৱসৰ দিনা নগাঁৱতপ্ৰদান কৰা হ'ব বুলি বঁটা প্ৰদান সমিতিৰ আহ্বায়ক তথা ৰাজ্যৰ বিশিষ্ট কবি ডা:প্ৰয়াগ শইকীয়াই জনাইছে । উল্লেখযোগ্য যে বঁটাপ্ৰাপক আকাংক্ষা (কুঁৱলী) তামুলী লখিমপুৰৰ জ্ঞানজ্যোতি অকাডেমীৰ দশম শ্ৰেণীৰ ছাত্ৰী । তেওঁ ইয়াৰ পূৰ্বেও পঞ্চম শ্ৰেণীত পঢ়ি থকা অৱস্থাত তেওঁৰ "কুঁহি" নামৰ এখন কবিতা পুথি প্ৰকাশ পোৱাৰ লগতে "সপোনৰ সোণাৰু" নামৰ এখন হাতে লিখা আলোচনী সম্পাদনা কৰিছিল । তদুপৰি তেওঁ বিভিন্ন কাকত-আলোচনীত নিয়মীয়াকৈ গল্প,কবিতা,প্ৰবন্ধ আদি লিখি উলিয়াইছে । আকাংক্ষা(কুঁৱলী) তামুলীক "আইৰ সমান হ'ব কোন"উপন্যাসৰ বাবে চলিত বৰ্ষৰ "এখুদ ককাইদেউ" বঁটা আগবঢ়োৱা হৈছে । স্মৰ্তব্য যে ওঠৰ বছৰৰ তলৰ লেখক-লেখিকাসকলক উৎসাহিত কৰাৰ উদ্দেশ্যৰে"অকণি সাহিত্য সভা"ই অসমীয়া মৌলিক গ্ৰন্থৰ বাবে ইয়াৰ পূৰ্বে যোৰহাটৰ নৱম শ্ৰেণীৰ ছাত্ৰী মনস্বিতাকলিতাক "এখনি ৰহস্যময়দাপোণৰ সিপাৰে" নামৰ উপন্যাসৰ বাবে "এখুদ ককাইদেউ" বঁটা প্ৰদান কৰিছিল বুলি অকণিৰ সাহিত্য সভাৰ কাৰ্যকৰীসভাপতি পংকজ বৰুৱাই জনাইছে ।
- Log in to post comments
- 23 views