বজালীৰ পৰা বুবু কলিতাৰ প্রতিবেদন :
বজালীৰ ভৱানীপুৰ , পাঠশালা অাদি বিভিন্ন অঞ্চলৰ বান পৰিস্থিতি অাজিও অপৰিৱৰ্তিত হৈ অাছে ।ভৱানীপুৰ অঞ্চলৰ নকূছী , মাধপুৰ , কহৰাপথাৰ , কুৰোবাহা , মাজগাওঁ অাদিৰ লগতে পাঠশালা , নিত্যানন্দ অাদি ন ন অঞ্চললৈ বান প্লাবিত হৈছে ।
ইতিমধ্যে কেইবাটাও গড়কাপ্তানী পথৰ ওপৰেৰে পহুমাৰা অাৰু পল্লা নৈৰ পানী বাগৰি যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে। ইপিনে বজালী মহকুমাৰ অতি ব্যস্ত বামাখাটা কেন্দুগুৰি গড়্কাপ্তানী পথৰ পহুমাৰা নৈৰ ওপৰত অৱস্থিত পকী দলংখনৰ এটা মূৰ পহুমাৰা নৈৰ পানীয়ে খহাই লৈ গৈছে ।যাৰ ফলত স্থানীয় ৰাইজ শংকিত হৈ পৰাৰ লগতে চৰকাৰক এই ক্ষেত্ৰত এক তাৎক্ষণিক পদক্ষেপ গ্ৰহন কৰিবলৈ অাহ্বান জনাইছে ।
- Log in to post comments
- 16 views