কংগ্ৰেছ-জেডিএছৰ পদত্যাগী বিধায়কসকলৰ সন্দৰ্ভত আজিয়েই সিদ্ধান্ত গ্ৰহণ কৰক: কৰ্ণাটক বিধানসভাৰ অধ্যক্ষক ক'লে উচ্চতম ন্যায়ালয়ে

sc

কৰ্ণাটকৰ ৰাজনৈতিক সংকট সন্দৰ্ভত এতিয়া উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিছে।পদত্যাগ কৰা কংগ্ৰেছ আৰু জে ডিএছ বিধায়কসকলৰ সন্দৰ্ভত আজিয়েই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে কৰ্ণাটক বিধানসভাৰ অধ্যক্ষক কৈছে।


বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত বিধানসভাৰ অধ্যক্ষক লগ ধৰিবলৈ ন্যায়ালয়ে পদত্যাগ কৰা বিধায়কসকলক নিৰ্দেশ দিছে।উল্লেখ্য যে উক্ত বিধায়কসকলে মন্তব্য কৰিছিল যে বিধানসভাৰ অধ্যক্ষই ইচ্ছা কৰিয়েই তেওঁলোকৰ পদত্যাগ পত্ৰ সমূহ গ্ৰহণ কৰা নাই,যাতে কংগ্ৰেছ-জেডিএছ চৰকাৰ ৰক্ষা কৰিব পাৰি।

Your Comments