কংগ্ৰেছ বিধায়কসকলে দলত নিজৰ ভৱিষ্যৎ নেদেখি দল এৰিছে-কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰ

prakas

বিজেপিয়ে কংগ্ৰেছ দল ভাঙিছে বুলি কংগ্ৰেছে উত্থাপন কৰা অভিযোগ নস্যাৎ কৰিছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে।জাভড়েকাৰে কয় যে কংগ্ৰেছত ৪০ দিনৰ পৰা কোনো অধ্যক্ষ নাই।ইয়াৰ বাবে বিজেপি কেনেদৰে জগৰীয়া হ'ব।কংগ্ৰেছ নেতৃত্বই নিজৰ দলৰ নেতাসকলৰ কোনো খবৰ ৰখা নাই।সেইবাবে কংগ্ৰেছ ভাঙিবলৈ ধৰিছে।


জাভড়েকাৰে লগতে কয়-কংগ্ৰেছ এতিয়া দেৱলীয়া।কংগ্ৰেছৰ বিধায়কসকলে দলটোত নিজৰ কোনো ভৱিষ্যত প্রত্যক্ষ কৰা নাই।সেইকাৰণে তেওঁলোকে দল এৰিবলৈ ধৰিছে।কিন্তু,কংগ্ৰেছে আমাক জগৰীয়া কৰিছে!

Your Comments