ৰে'ল খণ্ডক ব্যক্তিগতকৰণ কৰিব খোজা কাৰ্যৰ বিৰুদ্ধে নিউ বঙাইগাঁৱত এমপ্লয়িজ ইউনিয়নৰ প্ৰতিবাদী ধৰ্ণা

bgn

বঙাইগাঁওঃ 

দেশৰ সৰ্ববৃহৎ ৰে'লৱে উদ্যোগক শেহতীয়াভাৱে পুঁজিপতি গোষ্ঠীক প্ৰদানেৰে ব্যক্তিগত খণ্ডলৈ নিয়াৰ ষড়যন্ত্ৰ কৰাৰ প্ৰতিবাদত আজি উত্তৰ পূৱ সীমান্ত ৰে'লৱে এমপ্লয়িজ ইউনিয়নে নিউ বঙাইগাঁও জংচনৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ নিউ বঙাইগাঁও ৰেল জংচনৰ সন্মুখত নিউ বঙাইগাঁও শাখা ৰে'লৱে এমপ্লয়িজ ইউনিয়নৰ উদ্যোগত ইউনিয়নৰ পাঁচটা শাখাই  কেন্দ্ৰীয চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ইপিনে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশ গ্ৰহণ কৰা সকলে কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰাৰ লগতে সম্প্ৰতি ৰে'ল বিভাগে নতুন নিযুক্তিৰ পৰিৱৰ্তে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলক পুনৰ নিযুক্তিৰে ৰে'লৰ কাম-কাজ চলাই থকাৰো গুৰুতৰ অভিযোগ কৰে ৷ একেদৰে ৰে'ল কৰ্মচাৰীৰ পৰিৱৰ্তে নিউ বঙাইগাঁও ৰে'ল কাৰখানা আৰু ৰে'ল বিভাগৰ অন্যান্য উদ্যোগসমূহত কোম্পানীৰ লোকৰ দ্বাৰা কাম চলাই থকাত ইয়াৰ তীব্ৰ প্ৰতিবাদ জনায় ৷ লগতে ৰে'লৰ কৰ্মচাৰী সংখ্যা হ্ৰাস কৰিব খোজা কাৰ্যতো ৰে'লৱে এমপ্লয়িজ ইউনিয়নে উদ্বেগ প্ৰকাশ কৰে ৷ সেয়ে চৰকাৰ আৰু ৰে'ল বিভাগে ৰে'ল ব্যৱস্থাক ব্যক্তিগতকৰণ কৰিব খোজা কাৰ্যব্যৱস্থা বাতিল নকৰিলে এমপ্লয়িজ ইউনিয়নে তীব্ৰৰ পৰা তীব্ৰতৰ প্ৰতিবাদী আন্দোলন কৰিব বুলি প্ৰকাশ কৰে ৷

উল্লেখ্য যে ধৰ্ণা কাৰ্যসূচীৰ পিছত ৰে'লৱে এমপ্লয়িজ ইউনিয়নৰ পাঁচটা শাখাৰ কৰ্মী সকলে ৰে'ল খণ্ডক ব্যক্তিগতকৰণ কৰিব খোজা সিদ্ধান্তৰ প্ৰতিবাদত নিউ বঙাইগাঁও ৰে'লৱে জংচনৰ পৰা নিউ বঙাইগাঁওস্থিত বিভাগৰ মুখ্য কাৰ্যালয়লৈ প্ৰতিবাদী কেণ্ডেল সমদলো (Candle March) উলিয়ায় ৷ দুয়োটা প্ৰতিবাদী কাৰ্যসূচীত দুই শতাধিক কৰ্মীয়ে অংশ লয় ৷

Your Comments