৬০ খন ছবিৰ ভিতৰত নিৰ্বাচিত প্ৰীতম মিলনৰ 'কাইমেৰা' 

chimera

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ জগতত প্ৰৱেশেৰে জুৰি ব’ৰ্ডৰ দৃষ্টি আকৰ্ষণ কৰি বোকাখাতৰ দৰে সৰু চহৰখনলৈ এটি সুখবৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে উদীয়মান সৃষ্টিশীল মনৰ যুৱক প্ৰীতম মিলন লস্কৰ। "কাইমেৰা" এখন কম দৈৰ্ঘ্যৰ চুটি ছবি। মানুহৰ চেতন আৰু অৱচেতন মনৰ অধ্যয়নৰ এক মনস্তাত্ত্বিক ৰূপ। সংলাপবিহীন এই ছবিখনে ইতিমধ্যে লণ্ডন আৰু লছ এঞ্জেলস্থিত লিফ্ট অৱ গ্ল'ৱেল ফিল্ম ফেষ্টিভেলৰ দ্বাৰা আয়োজিত আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ জুলাই, ২০১৯ বৰ্ষৰ, পৰিচালকৰ প্ৰথম ছবিৰ শিতানত প্ৰাথমিক পৰ্যায়ত নিৰ্বাচিত হৈছে। ইয়াৰ পিছৰ পৰ্যায়ত ছবিখন অনলাইন ভোটিঙৰ বাবে এৰি দিয়া হ'ব। সৰ্বমুঠ ৬০ খন ছবিৰ ভিতৰত জুৰি ব’ৰ্ডৰ দৃষ্টি আকৰ্ষণ কৰি নিৰ্বাচিত হোৱা ছবিখনৰ পৰিচালক প্ৰীতম মিলন লস্কৰে বিগত সময়ত দিল্লীৰ এচিয়ান অকাডেমী অৱ ফিল্ম এণ্ড টেলিভিছন প্ৰতিষ্ঠানৰ পৰা চিনেমা বিষয়ক শিক্ষা গ্ৰহণ কৰিছিল। যি  অভিজ্ঞতাই যুৱ পৰিচালকজনক ছবিখন নিৰ্মাণত যথেষ্ট সহায় কৰা বুলি উল্লেখ কৰে। ফটোগ্ৰাফীৰ ওপৰত অধ্যয়ন কৰা প্ৰীতমৰ ইয়াৰ পূৰ্বেও এখন স্থিৰচিত্ৰই দিল্লীত অনুষ্ঠিত ১১ সংখ্যক গ্ল'ৱেল ফিল্ম ফেষ্টিভেল, ২০১৮-ৰ আন্ত:ৰাষ্ট্ৰীয় স্থিৰচিত্ৰ প্ৰদৰ্শনীত প্ৰদৰ্শিত হোৱাৰো যোগ্যতা অৰ্জন কৰিছিল। বৰ্তমান জয়পুৰ মনিপাল বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ স্নাতক শ্ৰেণীৰ আৰু এ চি চি এ পাঠ্যক্ৰমৰ ছাত্ৰ প্ৰীতমৰ এই ছবিখনৰ কাহিনী, পৰিচালনা, চিত্ৰগ্ৰহণ, সম্পাদনা তথা সামগ্ৰিক পৰিকল্পনা নিজৰ। চিত্ৰগ্ৰহণ নিৰ্দেশনা ঋষভ জয়ছোৱালৰ আৰু একমাত্ৰ চৰিত্ৰটো অভিনয় কৰিছে আশ্বিফ আহমেদে। বোকাখাতৰ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: মিলন কুমাৰ লস্কৰ আৰু নুমলীগড় জুনিয়ৰ কলেজৰ ইংৰাজী বিভাগৰ বিষয় শিক্ষক অজন্তা তালুকদাৰৰ একমাত্ৰ সন্তান প্ৰীতমৰ এনে সফলতাই বোকাখাতলৈ গৌৰব কঢ়িয়াই আনিছে।

Your Comments