কৰ্ণাটকৰ পদত্যাগৰ ৰাজনীতিৰ সৈতে বিজেপিৰ সম্পৰ্ক নাই বুলি ক'লে ৰাজনাথ সিঙে

raj

কেন্দ্ৰৰ বিজেপি চৰকাৰে কৰ্ণাটকৰ জেডিএছ-কংগ্ৰেছ চৰকাৰ পতন ঘটোৱাৰ বাবে ক্রিয়াশীল হোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে।লোকসভাত কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কেন্দ্ৰৰ বিজেপি চৰকাৰে গণতন্ত্ৰক বিধ্বস্ত কৰিবলৈ ধৰিছে বুলি কয়।

ad
ইফালে,লোকসভাত চৌধুৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৰ্ণাটকৰ ঘটনাক্ৰমৰ সৈতে বিজেপিৰ কোনো সম্পৰ্ক নাই বুলি কয়।কংগ্ৰেছত পদত্যাগ প্ৰক্ৰিয়াৰ আৰম্ভণি ৰাহুল গান্ধীয়েই কৰিছে বুলি তেওঁ মন্তব্য কৰে।

Your Comments