যিকোনো সময়তে পতন হ'ব পাৰে কৰ্ণাটকৰ জেডিএছ-কংগ্ৰেছ চৰকাৰৰ।কংগ্ৰেছ আৰু জেডিএছৰ ১৩ জন বিধায়কে পদত্যাগ কৰাৰ পিছত আজি পুৱাৰ ভাগত চৰকাৰখনৰ এজন মন্ত্ৰীয়ে পদত্যাগ কৰাত চৰকাৰখনৰ পতন প্রায় নিশ্চিত হ'ল।নিৰ্দলীয় হৈ বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছত মন্ত্ৰী হোৱা এছ নাগেশে চৰকাৰখনৰ প্ৰতি সমৰ্থন উঠাই লয় আৰু বিজেপিক সমৰ্থন দিয়াৰ কথা ঘোষণা কৰে।
আনহাতে,এই সংকটকালত জেডিএছৰ মুখ্যমন্ত্ৰী কুমাৰাস্বামী আমেৰিকাৰ পৰা উভতি আহি চৰকাৰ ৰক্ষাৰ চেষ্টা কৰিছে।ইফালে,কৰ্ণাটক কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই কৈছে যে বিধায়কসকল উভতি আহিব আৰু জেডিএছ-কংগ্ৰেছ চৰকাৰৰ পতন নঘটে।
- Log in to post comments
- 17 views