ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক হেতালি খেলিছে চৰকাৰে

class

নাং কৃষ্টিপ্ৰিয়া গগৈ

অসম চৰকাৰে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক হেতালি খেলিছে। বিভিন্ন বিদ্যালয়ত একেটা শ্ৰেণী কোঠাত কোনো বেৰ নোহোৱাকৈ দুটাকৈ মাতৃভাষাৰ পাঠদান চলাই আছে। শুক্ৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলত এইদৰে মন্তব্য কৰে অক্ৰাম প্ৰশান্ত সিঙে ।

তেওঁ লগতে কয় অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহ বৰ্তমান সময়ত বন্ধ হোৱা দেখা পোৱা গৈছে আৰু ইয়াৰ ফলত নিজৰ মাতৃভাষা ভালপোৱা মানুহবোৰ আতংকিত হৈ পৰিছে। বৰ্তমান অসমৰ কাছাৰকে ধৰি কেইবাখনো জিলাৰ স্কুলসমূহত দুটাকৈ মাধ্যমৰ ছাত্ৰ-ছাত্ৰীক একেলগ কৰি একেটা শ্রেণীকোঠাতে পাঠদান কৰিছে। যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে বুলিও তেওঁ মন্তব্য কৰে।

   তেওঁ আৰু কয় "সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ নীতি-নিয়মসমূহ অফিচৰ কাগজপত্ৰত নাই । তেওঁৰ হাড় নোহোৱা জিভা খন লৰাই দি যি কথা কয় তাকে নিয়ম কৰিব বিচাৰে। সিদ্ধাৰ্থ ভট্টাচাৰ্য্য এতিয়া অসমৰ মহম্মদ বিন তুগলক হৈ নিজৰ ময়মতালি চলাই নিছে"। ৰাজ্যখনৰ কোন ঠাইত কিমান চৰকাৰী বিদ্যালয় বন্ধ হৈ গৈছে বৰ্তমানৰ শিক্ষামন্ত্ৰী গৰাকীয়ে তাৰ খবৰ নোলোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা বিদ্যালয়সমূহ কেনেদৰে বচাব পাৰিব বা তাত কেনেদৰে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব পাৰিব তাৰো কোনো তথ্য শিক্ষামন্ত্ৰী গৰাকীৰ হাতত নাই বুলিও তেওঁ কয়। শিক্ষা বিভাগত চলি থকা এই ময়মতালিসমূহ বন্ধ কৰি আৰু মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ যাতে বন্ধ হৈ নাযায় তাৰ কাৰণে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তেওঁ অনুৰোধ জনায়।

Your Comments