বৰলা কাই খ্যাত  বিপুল বশিষ্ঠ গোস্বামীৰ আকস্মিক  মৃত্যুত নলবাৰীত শোকৰ ছাঁ

barala kai

নলবাৰীৰ পৰা হেমন্ত কলিতা ঃ ৪ জুলাইঃ

নলবাৰী জিলাৰ বিশিষ্ট অভিনেতা তথা   বৰলা কাই ধাৰাবাহিক চিৰিয়েল খনৰ ৰচক বিপুল বশিষ্ঠ  গোস্বামীৰ শুক্ৰবাৰে বিয়োগ ঘটে। এক জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে আজি বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যু হয়৷ বৰলা কাই নামৰ ধাৰাবাহিক খনৰ জৰিয়তে নলবাৰীৰ মানুহৰ কথন শৈলীক সমগ্ৰ অসমবাসীৰ ওচৰত পৰিচয় কৰাই দিবলৈ সক্ষম হোৱাৰ লগতে উঠিঅহা নতুন প্ৰজন্মক অভিনয়ৰ ক্ষেত্ৰত জড়িত কৰাবলৈও সক্ষম হৈছিল৷ উল্লেখ্য যে বিশিষ্ট শিল্পী গৰাকীয়ে কেইৱা গৰাকীও জনপ্ৰিয় অভিনেতা অভিনেত্ৰী সৃষ্টি কৰি থৈ গৈছে। অপেছাদাৰী নাট্য দল সমুহক এক নতুন মাত্ৰা প্ৰদান কৰাৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল। তেখেতৰ অকাল বিয়োগত নলবাৰীৰ লগতে অসমৰ সাংস্কৃতিক জগতৰ এক অপুৰণীয় ক্ষতি হোৱা বুলিও মত প্ৰকাশ কৰে বহু বিশিষ্ট লোকে। গোস্বামীৰ মৃত্যুৰ পিছতেই তেখেতৰ মৃতদেহ নলবাৰীলৈ আনি এখন ফুলেৰে সজ্জিত বাহনেৰে নলবাৰী চহৰ পৰিভ্ৰমণ কৰি নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যলয়ৰ বাকৰিত নলবাৰী জিলা ছাত্ৰ সন্থা, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, উন্নতি সভা, সাহিত্য সভা, কৰ্মচাৰী পৰিষদ, বিভিন্ন নাট্যকৰ্মী, বৰলা কাই চিৰিয়েল খনত অভিনয় কৰা হিৰণ্য ডেকাকে ধৰি কেবাগৰাকীও অভিনেতা অভিনেত্ৰীয়ে বিপুল বশিষ্ট গোস্বামীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে৷ শ্ৰদ্ধাঞ্জলি প্ৰদান কৰি মৃতকৰ আত্মাই সৎগতি লাভ কৰাৰ উদ্দেশ্যি এক মিনিট সময় মৌন প্ৰাৰ্থনায়ো জনোৱা হয়৷ ইয়াৰ পিছতেই এক ৰেলীৰে নলবাৰীৰ ৰাজহুৱা শ্মশানত বিশিষ্ট নাট্যকৰ্মী গৰাকীৰ দেহ সৎকাৰ কৰা হয়৷তেখেতৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগততো শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

Your Comments