নাং কৃষ্টিপ্ৰিয়া গগৈ
ৰাজ্যৰ মীন বিভাগত চলি আছে এক বৃহৎ ছিণ্ডিকেট । ছিণ্ডিকেটৰ সৈতে জড়িত হৈ আছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযূষ হাজৰিকা। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলত এই মন্তব্য কৰে অসম অনুসূচীত যুৱ ছাত্ৰ সন্থাৰ সভাপতি নৃপেন দাসে।
ৰাজ্যৰ মীন বিভাগত ছিণ্ডিকেটৰাজ চলি আছে বুলি অভিযোগ কৰি তেওঁলোকে কয় "যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে ফৰ্মেলীনযুক্ত মাছ খাব নালাগে বুলি প্ৰচাৰ চলাইছিল পীযূষ হাজৰিকাই। আনকি হোটেলতো তেওঁ তালাচী চলাইছিল। কিন্তু বৰ্তমান অসমৰ প্ৰতিখন বজাৰত ফৰ্মেলীন যুক্ত মাছ বিক্ৰী হৈ আছে । তাত তেওঁ কোনো কানসাৰ দিয়া নাই । সেইসময়ত তেওঁ টকা ঘটিবৰ কাৰণে সেই ব্যৱস্থা গ্ৰহণ কৰিছিল।
যিটো সময়ত অসমত ২০০০ তকৈ অধিক বিল-জলাশয় আছে, ১৮৫ খন মীন উন্নয়ন নিগমৰ অধীনত বিল আছে সেই বিলসমূহত মাছ উৎপাদনৰ বিভিন্ন সুবিধা থকা সত্বেও মীন বিভাগে চকু মুদা কুলিৰ ভাও ধৰি আছে। তেওঁ কয়, মুখ্যমন্ত্ৰীলৈ অনুৰোধ, ৰাজ্যৰ মীন বিভাগত চলি থকা ছিণ্ডিকেট যাতে বন্ধ কৰে । ৰাজ্যৰ মীন বিভাগত এতিয়া শূন্য সহনশীলতা চলা নাই বুলিও তেওঁ মন্তব্য কৰে । মাছৰ মূল্য ৰাজ্যৰ বিভিন্ন প্ৰান্তত বেলেগ বেলেগ। ঠিক সেইদৰে মহানগৰীৰ বজাৰ সমূহতো মাছৰ মূল্য ভিন্ন ভিন্ন ।তেওঁৰ দাবী, ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ মাছ মৰা বন্ধৰ সময়ছোৱাত প্ৰতিটো পৰিয়ালক ২০,০০০ টকা ভাট্টা দিব লাগে। অধিক হাৰত মীন বিভাগে বিলসমূহ ডাকত দিয়া বন্ধ কৰিব লাগে । লীজত বা ডাকত লোৱা মীন মহলৰ কোনো মহলদাৰে যাতে পানী সিঁচি মীন মহল শুকাই পেলাব নোৱাৰিব তাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনায় তেওঁলোকে।
- Log in to post comments
- 6 views