কামৰূপ জিলাত উদযাপন কৰা হৈছে ৭০ সংখ্যক বন মহোৎসৱ। চিলা বনাঞ্চলিক কাৰ্যালয়ৰ সৌজন্যত ১ জুলাইৰ পৰা ৭ জুলাইলৈ উদযাপন কৰা হৈছে এই বন মহোৎসৱ।এই বন মহোৎসৱ উপলক্ষে বৃহস্পতিবাৰে উত্তৰ গুৱাহাটীৰ শংকৰদেৱ শিশু নিকেতনত এখন সজাগতা সভা অনুষ্ঠিত কৰি প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰা সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰা হয়।নিকেতনৰ ছাত্ৰ-ছাত্ৰী,আচাৰ্য,আচাৰ্যা, অভিভাৱক- অভিভাৱিকাৰ লগতে পৰিচালনা সমিতিৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত এখন সভা বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা হয়।আজি অনুষ্ঠিত সজাগতা সভাখনৰ সঞ্চালনা কৰে নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে।
সভাত চিলা বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া ৰঞ্জিত দত্তই বক্তব্য প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলে নিজ গৃহত একো-একোখন বিবিধ গছৰ বাগিচা প্ৰস্তুত কৰি তাৰ সৈতে ৰং-ধেমালি কৰিবলৈ আহ্বান জনায়।তেওঁ চমু বক্তব্যত অতি সহজ ভাষাত ছাত্ৰ-ছাত্ৰীসকলক বন সংৰক্ষণ আৰু গছপুলি ৰোপণে কিদৰে পৰিৱেশৰ ভাৰসাম্য বৰ্তাই ৰাখে,সেই বিষয়ে উপস্থাপন কৰে। ইয়াৰ পূৰ্বে সভাত
প্ৰধান আচাৰ্য উৎপল তালুকদাৰে বনাঞ্চলিক বিষয়াগৰাকীক সম্বৰ্ধনা জনায়।পৰিচালনা সমিতিৰ কোষাধ্যক্ষ ৰঞ্জন কুমাৰ শৰ্মা, সমাজকৰ্মী কুলেন বড়ো,উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মা, সমাজসেৱিকা মুন দাস, ৰুদ্ৰেশ্বৰ গাওঁ পঞ্চায়তৰ কাউন্সিলাৰ মৰমী বড়ো আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
সভাত উপস্থিত সকলোৱে মাতৃস্বৰূপ প্ৰকৃতিৰ সুৰক্ষা দিবলৈ সংকল্পবদ্ধতাৰ কথা দোহাৰে।
সভাত পৰিৱেশ প্ৰদূষণ সম্পৰ্কেও আলোচনা কৰা হয়। সভাৰ অন্তত ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত সকলোকে গছপুলি বিতৰণ কৰা হয়।
- Log in to post comments
- 9 views