সক্ৰিয় ৰাজনীতিলৈ অদীপ কুমাৰ ফুকন:অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত

mansa

আজি অসম সংগ্ৰামী মঞ্চত আনুষ্ঠানিকভাৱে যোগদান কৰিলে বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনে।অসম সাহিত্য সভাৰ গুৱাহাটী কার্যালয়ৰ সভাকক্ষত আঞ্চলিক ৰাজনৈতিক দলটোত বিশিষ্ট সাংবাদিকগৰাকীৰ লগতে আন বহুকেইগৰাকী গণ্যমান্য লোকে যোগদান কৰে । 

সভাপতি দিগন্ত কোঁৱৰ আৰু সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাই দলৰ মজিয়ালৈ স্বাগতম জনায় যোগদানকাৰীসকলক। যোগদান কৰাৰ পিছতে  অদীপ কুমাৰ ফুকনক দলৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হয়।ফুকনৰ লগতে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জন্মদাতা বিমল প্ৰসাদ চৌধুৰী,অসম গণ পৰিষদৰ প্ৰাক্তন তথ্য আৰু প্ৰচাৰ সম্পাদক দিৱস ফুকন,অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ প্ৰাক্তন প্ৰতিষ্ঠাপক বিষয়ববীয়া ৰবীন দত্তয়ো বৃহস্পতিবাৰে যোগদান কৰে অসম সংগ্ৰামী মঞ্চত।


বিমল প্ৰসাদ চৌধুৰীক জ্যেষ্ঠ উপ-সভাপতিৰ দায়িত্ব দিয়া হয় আৰু ৰবীন দত্তক উপ- সভাপতিৰ দায়িত্ব দিয়া হয়। 

ig
যোগদান কৰি অদীপ কুমাৰ ফুকনে কয়-'আজিকালি অসমত চকী ৰক্ষাৰ ৰাজনীতি,চৰকাৰী ৰাজনীতি আৰু সাম্প্ৰদায়িক ৰাজনীতি চলি আছে।এই বিলাকক ওফৰাবলৈ সংগ্ৰামী জাতীয়তাবাদী ৰাজনীতিৰ প্ৰয়োজন।জনগণৰ বাবে মাত মতা ৰাজনৈতিক সংগঠন খুব কমেই দেখা যায়।সংগ্ৰামী মঞ্চই ৰাইজৰ হকে মাত মাতি যাব।ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ পৰিৱৰ্তে পৰিৱৰ্তনকামী সংগ্ৰামী ৰাজনীতিৰ প্ৰয়োজন।'


তেওঁ আৰু কয়-'এই চৰকাৰৰ দিনত উচ্চ শিক্ষাৰ প্ৰসাৰ নহ'ল,শিল্পায়নৰ বিকাশ নহ'ল,কৃষকৰ আত্মহত্যা বৃদ্ধি পাইছে।অসমৰ চাহ বাগিচা ডাঙৰ ডাঙৰ কোম্পানীয়ে বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে।'


আনহাতে,মঞ্চত যোগদান কৰি দিৱস ফুকনে কয়-'অগপই অসম আৰু অসমীয়াক প্ৰতাৰণা কৰিলে।ক্ষমতাৰ লোভ এৰিব নোৱাৰি ৰাতিৰ ভিতৰতে পাভ লুটি মাৰি বিজেপিৰে সৈতে মিত্ৰতা কৰিলে অগপই।জাতীয়তাবাদী সংগ্ৰাম আগুৱাই নিবলৈ অসম সংগ্ৰামী মঞ্চই হৈছে  একমাত্ৰ স্থান।জাতীয়তাবাদী শক্তিক একত্ৰিত কৰি আগুৱাই নিব চেষ্টা কৰিম। অক্লান্ত সৈনিক হিচাপে মৃত্যুৰ আগমুহূৰ্তলৈকে কাম কৰি যাম।'

Your Comments