বিদেশী শিল্পীৰে ভাওনা কৰোৱাৰ জামুগুৰিহাটৰ অৰূপ শইকীয়াই

jamuguri

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: ৩ জুলাই 

অসমৰ সংস্কৃতিৰ অন্যতম চানেকী ভাওনাক এইবাৰ বিশ্ব দৰবাৰত তুলি ধৰাৰ মহৎ প্ৰয়াস কৰিছে শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ সাংস্কৃতিবান যুৱক অৰূপ শইকীয়াই । ইতিমধ্যেই ইংৰাজী ভাষাত ভাওনা পাতি সকলোৰে দৃষ্টি আৰ্কষণ কৰিছিল অৰূপ শইকীয়াই ।jamu

এইবাৰ অৰূপ শইকীয়াই অংকীয়া নাটত অভিনয়ৰ বাবে বিদেশত বিচাৰিছে শিল্পী ৷ ভাওনাত অভিনয় কৰাবলৈ ইতিমধ্যে ৰাছিয়াকে ধৰি কেইবাখনো দেশৰ বহু শিল্পীক চুক্তিবদ্ধ কৰোৱাইছে অৰূপ শইকীয়াই । ভাওনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে অৰূপ শইকীয়াই লোৱা পদক্ষেপক সকলোৱে আদৰণি জনাইছে৷

Your Comments