বাংলাদেশক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ:'হিটমেন' ৰোহিতৰ শতক অৰ্জন

crt

নিউজ ডেস্ক:


এখন ৰোমাঞ্চকৰ মেচত বাংলাদেশক ২৮ ৰাণত পৰাস্ত কৰি বিশ্বকাপৰ ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিলে ভাৰতীয় দলে।মঙলবাৰে ভাৰতে বাংলাদেশৰ সন্মুখত নিৰ্ধাৰণ কৰা ৩১৫ ৰাণৰ লক্ষ্য অনুসৰণ কৰিবলৈ গৈ দেশখন ২৮৬  ৰাণতে অল আউট হৈ ইনিংছ সামৰে।ভাৰতে 'হিটমেন' ৰোহিত শৰ্মাৰ ১০৪ ৰাণ,লোকেশ ৰাহুলৰ ৭৭ ৰাণৰ সহায়ত ৩১৪ ৰাণ কৰিবলৈ সক্ষম হয়।বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানে ৫ টা উইকেট দখল কৰে।ইফালে,৩১৫ ৰাণৰ লক্ষ্য অনুসৰণ কৰিবলৈ গৈ বাংলাদেশৰ বেটছমেনসকলে থৰকাচুটি হেৰুৱাই।বাংলাদেশৰ ইনিংছত চাকিব এল হাছানে ৬৬ ৰাণ  কৰি কিছু প্ৰতিৰোধ  তোলে।ছাব্বিৰ ৰহমানে ৩৬ ৰাণ কৰে আৰু মহম্মদ ছৈফুদ্দনে অপৰাজিত ৫১ ৰাণৰ বৰঙণি আগবঢ়াই।


বাংলাদেশে মেচখনত জয়লাভৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই মেচখন ৰোমাঞ্চকৰ শেষৰ অভাৰকেইটালৈ টানি নিবলৈ সক্ষম হয়।যদিও বুমৰাহ,ভুৱনেশ্বৰ কুমাৰ,ছামী, য়ুজবেন্দ্ৰ চহলৰ নিখুঁত বলিঙৰ বাবে বাংলাদেশে পৰাজয় স্বীকাৰ কৰে।প্লেয়াৰ অব দ্য মেচ নিৰ্বাচিত হয় 'শতকবীৰ' ৰোহিত শৰ্মা।

Your Comments