ওদালগুৰিত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে কালিচৰণ ব্ৰহ্ম বঁটা

cm

ওদালগুৰিৰ পৰা হেমন্ত শৰ্মাৰ প্রতিবেদন :

 আজি ওদালগুৰিত মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে প্ৰদান কৰে ৰাজ্য চৰকাৰে প্ৰথমবাৰ বাৰৰ বাবে প্ৰৱৰ্তন কৰা কালিচৰণ ব্ৰহ্ম বঁটা ৷ বৰঙাজুলী সত্ৰৰ সত্ৰাধিকাৰ তথা সত্ৰীয়া সংস্কৃতিৰ সাধক শ্ৰীযুত হৰেকৃষ্ণ মহন্তক এই বঁটা প্ৰদান কৰাৰ লগতে সমাজৰ উন্নয়নমূলক কামত অৰিহণা যোগোৱা বহু কেইজন ব্যক্তিক এই বঁটা প্ৰদান অনুষ্ঠানত সম্বৰ্ধনায়ো জনোৱা হয় ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত ওদালগুৰি জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

 আজি অনুষ্ঠিত হোৱা এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰী,সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম,সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি।
উল্লেখযোগ্য যে ২০১৮ বৰ্ষৰ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰাপক শ্ৰীযুত হৰেকৃষ্ণ মহন্তই ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ অতি ভিতৰুৱা অঞ্চলটোৰ বড়ো, ৰাভা,কোচ-ৰাজবংশী,আদিবাসী, নেপালী আদিকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক একত্ৰিত কৰি জীৱন কালত এতিয়ালৈ প্ৰতিষ্ঠা কৰিছে ২৯ খনকৈ সত্ৰ। মহাপুৰুষ দু-জনাৰ আদৰ্শ নিজৰ কৰ্মৰাজিৰে জনজাতি অধ্যুষিত অঞ্চলটোত বিলাই দিয়া সত্ৰাধিকাৰ গৰাকীক ৰাজ্য চৰকাৰে কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰাৰ বাবে আনন্দত উৎফুল্লিত হৈ পৰিছে ওদালগুৰি জিলাবাসী।

 

Your Comments