গোলাঘাটৰ পৰা মীনাক্ষি ফুকন
যোৱা ২৫ জুনত গোলাঘাট আৰক্ষীয়ে থুৰামুখ অঞ্চলৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা সূৰয চেত্ৰী নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক।সোমবাৰে চিকিৎসাৰ খাতিৰত যোৰহাট মেডিকেললৈ নিছিল যদিও মেডিকেলৰ পৰাই আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল ধৃত আচামীটোৱে।জানিব পৰা মতে,গোলাঘাটৰ কাৰাগাৰত থকা সময়তে অসুস্থ হোৱাত গোলাঘাটৰ চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেললৈ নিছিল।যোৰহাট মেডিকেলৰ পৰাই অপৰাধীটো পলাই যাবলৈ সক্ষম হয়।অৱশ্যে, আচামীৰ সন্ধানত গোলাঘাট আৰক্ষীয়ে চলোৱা জোৰদাৰ অভিযানত নিশাই কাৰ্বি আংলং জিলাৰ চকীহোলা অঞ্চলৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুৰ্ধষ অপৰাধীটোক।
- Log in to post comments
- 7 views