লোকসভা নিৰ্বাচনত ৰাজস্থানত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ এমাহতকৈ অধিক সময়ৰ পিছত ৰাজ্যখনত দলৰ শোচনীয় পৰাজয়ৰ দায়িত্ব গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী অশোক গেহলতে।লোকসভা নিৰ্বাচনত পৰাজয়ৰ দায়িত্ব সকলোৰে বুলি তেওঁ উল্লেখ কৰিছে।উল্লেখ্য যে কংগ্ৰেছ অধ্যক্ষ পদ ত্যাগৰ স্থিতিত অটল ৰাহুল গান্ধীয়ে কিছুদিন পূৰ্বে দুখ প্ৰকাশ কৰিছিল যে তেওঁ দলৰ পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰাৰ পিছতো কোনো ৰাজ্যিক কংগ্ৰেছৰ অধ্যক্ষ,কোনো কংগ্ৰেছী মুখ্যমন্ত্ৰীয়ে পদত্যাগ নকৰিলে।ইয়াৰ পিছতে ৰাহুল গান্ধীৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি গোৱা কংগ্ৰেছৰ অধ্যক্ষ,একাংশ কংগ্ৰেছ সম্পাদকে পদত্যাগ কৰিছিল।এই শাৰীতে এতিয়া অশোক গেহলতে নিজ ৰাজ্যৰ পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছে আৰু ৰাহুলৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছে।
কিন্তু ৰাহুলৰ দুখ প্ৰকাশৰ পিছতহে গেহলতৰ দৰে শীৰ্ষ নেতাই এমাহৰ পিছত পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰাত তেওঁলোকৰ চকী খামুচি ৰখাতহে গুৰুত্ব বেছি বুলি চৰ্চা চলিছে।
- Log in to post comments
- 31 views