কৰিমগঞ্জৰ চান্দখিৰাত পথ দুৰ্ঘটনাত নিহত তিনিজন

barak

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰী

কৰিমগঞ্জৰ চান্দখিৰাত শনিবাৰে সংঘটিত হয় এটা ভয়াৱহ পথ দুর্ঘটনা।নিয়ন্ত্রণ হেৰুৱাই ৰাজপথতে বাগৰি পৰিল এখন যাত্রীবাহী বাছ।
অসম-ত্রিপুৰা সংযোগী ৮ নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হয়  দুৰ্ঘটনাটো।দুর্ঘটনাত থিতাতে নিহত হয় তিনিজনকৈ লোক।
আহত হয় বাছখনৰ সকলো যাত্রী।দুর্ঘটনাগ্রস্ত বাহনখনৰ নম্বৰ AS 10 5666।সংকটজনক অৱস্থাত কেইবাজনো যাত্রীক প্রেৰণ  কৰা হয় কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ।barak2


নিহত তিনিজনৰ এজন হৈছে কটামণিৰ মাদ্ৰাছা ছাত্ৰ ছাকিৰ আহমদ(১৫),বাকী দুজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই।নিহতৰ মাজত আছে দুগৰাকী  মহিলাও।ম'হ এটাক  বচাবলৈ গৈ দুৰ্ঘটনাটো সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে।

Your Comments