নৰেন শৰ্মা,বাহাৰঘাট,২৯ জুন :
আজি তৃতীয় দিনৰ বাবেও অপৰিবৰ্ত্তিত হৈ আছে কামৰূপ নলবাৰী জিলাৰ সীমান্তৱৰ্তী বৰলীয়াৰ নৈৰ জলপৃষ্ঠ ৷ উল্লেখযোগ্য যে আজি তিনিদিন ধৰি নৈখনৰ পানী বঢ়া-টুতা কৈ থাকি দুয়ো জিলাৰ নৈ পৰীয়া ৰাইজক শংকিত কৰি তুলিছে৷ ৰঙিয়া চহৰৰ মাজৰে বৈ আহি নলবাৰী ,হাজো আৰু বৰক্ষেত্ৰী সমষ্টিৰ কোনো কোনো অংশক স্পৰ্শ কৰি লুইতৰ বুকুত চামিল হোৱা নৈ খনৰ সচৰাচৰ জলপৃষ্ঠ বিপাদসীমাৰ তলতে থাকে যদিও কিন্তু এইবেলি তাৰ ব্যতিক্ৰম দেখা গৈছে৷এইবেলি নৈখনৰ জলপৃষ্ঠ সাংঘাতিক ধৰণে বৃদ্ধি হৈ চৌমুখা ঘাটৰ কাঠৰ দলংৰ এটা অংশ খহাই নিয়াৰ লগতে ভৰাঁলটোলা আৰু একাদিত কাঠৰ দলং দুখনো উটুৱাই নি ৰাইজক বিপদত পেলাইছে৷
আনহাতে ধুহি লৰমা গৌৰহাটীত থকা আন এখন কাঠৰ দলং বিপদ সংকুল অৱস্থাত আছে৷নৈখনে বিপদসংকুল অৱস্থাৰ সৃষ্টি কৰাৰ পিচতো নিশ্চুপ হৈ আছে জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী৷মনকৰিবলগীয়া যে বৰলীয়া নৈত সংযুক্ত হোৱা নোনা নৈৰ জলপৃষ্ঠ বাতৰি লিখা সময়লৈকে বৃদ্ধি হৈ আছে৷কিন্তু বৰলীয়াৰ জলস্তৰ সামন্য নিম্নগামী হোৱা পৰিলক্ষিত হৈছে৷ইতিমধ্যে নৈখনে ঠায়েঠায়ে মঠাউৰিত খহনীয়াৰ সৃষ্টি কৰি ৰাইজক আতংকিত কৰি তুলিছে। নোনা নৈৰ বাঢ়নি পানী বৰলীয়াত সংযোগ হৈ আজি নিশাৰ ভাগত বৰলীয়াৰ জলপৃষ্ঠ পুনৰ বৃদ্ধি হোৱাৰ আশংকা কৰিছে নৈপৰীয়া ৰাইজে৷
ইয়াৰোপৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণ দিশৰ চৌমুখালৈ নোনানৈৰ মঠাউৰি অতিপাত বিপদ সংকুল অৱস্থাত আছে৷যিকোনো মুহূৰ্ততে মঠাউৰি চিঙি বিপদ ঘটাব পাৰে বুলিও স্থানীয় ৰাইজে শংকা প্ৰকাশ কৰিছে।তদুপৰি বৰলীয়াৰ পূৱ দিশৰ মঠাউৰিটো বহুকেইটা স্থানত বিপদসংকুল অৱস্থাত আছে৷কিন্তু মনকৰিবলগীয়া কথা যে ইমান বিপদসংকুল অৱস্থাৰ পিচতো কেইজনমান অস্থায়ী কৰ্মচাৰীৰ ওপৰতেই এইসমূহ মঠাউৰি ছোৱাচিতাৰ দায়িত্ব অৰ্পণ কৰিছে বিভাগটোৱে৷
- Log in to post comments
- 25 views