নগাঁৱৰ পৰা ৱাহিদুদ জামানৰ প্ৰতিবেদন :
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক জাননী প্ৰকাশ কৰি ১৯৮৬ চনৰ পৰা ২০০৫ চনৰ ভিতৰত উত্তীৰ্ণ সকলক তেওঁ লোকৰ মূল প্ৰমাণপত্ৰ সংগ্ৰহ কৰিবলৈ কোৱা হৈছে।জাননী খনত এই পৰীক্ষাৰ্থী সকলক নিজ নিজ শিক্ষানুষ্ঠানৰ জৰিয়তে দুশ টকাৰ মাচুল সহ অহা ৩০জুন তাৰিখৰ ভিতৰত নিজ নিজ জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰি তাক পূৰণ কৰি জমা দিবলৈ কোৱা হৈছে।অৱশ্যে দুশ টকাৰ মাচুল বেংকত চালান কাটি জমা দিব লাগিব।উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এই জাননী খন বিজ্ঞাপন আকাৰে বাতৰি কাকতত প্ৰকাশ পোৱাৰ পাছত এটা চক্ৰই এইবুলিও প্ৰচাৰ চলায় যে, এই প্ৰমাণপত্ৰ খন পৰৱৰ্তী সময়ত খুৱেই প্ৰয়োজনীয় হ'ব।ইয়াৰ পাছতেই ৰাজ্যৰ আন জিলা সমূহৰ নিচিনাকৈ নগাঁও জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয় আৰু বিভিন্ন বেংকৰ শাখাত তাহানিৰ পৰীক্ষাৰ্থী সকলে প্ৰচণ্ড ভিৰ কৰা পৰিলক্ষিত হৈছে।
উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ জাননী খনত মূল প্ৰমাণপত্ৰ খনৰ বাবে প্ৰয়োজনীয় মাচুল দুশ টকা বুলি উল্লেখ কৰা হৈছে যদিও পৰীক্ষাৰ্থী সকলে বেংকত ২৭৫টকাৰ চালান কাটিবলগীয়া হৈছে।প্ৰথমাৱস্থাত প্ৰকাশিত জাননী খনত মাচুল সহ প্ৰ-পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ৩০জুন বুলি উল্লেখ কৰাত হেজাৰ হেজাৰ তাহানিৰ পৰীক্ষাৰ্থীয়ে বেংক আৰু বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত হেতাওপৰা লগাইছিল।কিন্তু ২৭জুনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পুনৰ আন এক জাননী বিজ্ঞাপন আকাৰে প্ৰকাশ কৰি প্ৰ-পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ১৫ জুলাইলৈ বৃদ্ধি কৰা হৈছে বুলি প্ৰকাশ কৰে।এই জাননী খনত আবেদনকাৰী সকলে তেওঁ লোকৰ মূল প্ৰমাণপত্ৰৰ বাবে পোনপটীয়াকৈ শিক্ষা সংসদৰ কাৰ্যালয়তো আবেদন কৰিব পাৰিব বুলিও কোৱা হৈছে।উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ১৪বছৰৰ পৰা ৩৩ বছৰৰ আগৰ পৰীক্ষাৰ্থী সকলৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল প্ৰমাণপত্ৰ এতিয়া প্ৰদান কৰিবলৈ ওলোৱাটো এক ধন ঘটাৰ নিকৃষ্ট কৌশল বুলিহে অভিযোগ উত্থাপিত হৈছে।
কিয়নো পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ সময়তেই প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ বিভিন্ন খৰচৰ লগতে প্ৰৱেশ পত্ৰ, মাৰ্কশ্বীট, মূল প্ৰমাণপত্ৰৰ বাবে প্ৰয়োজনীয় খৰচৰ মাচুল আদায় দিছিল।তাৰ পাছতো সুদীৰ্ঘ ৩৩বছৰৰ পাছত মূল প্ৰমাণপত্ৰ দিয়াৰ নামত বিভিন্ন হাৰাশাস্তিৰ লগতে দুশ টকাকৈ মাচুল সংগ্ৰহ কৰা কাৰ্যত ক্ষুন্ন হৈ পৰিছে ভূক্তভোগী সকল। যিটো বিষয়ক কেন্দ্ৰ কৰি সৰ্বত্ৰে ইতিমধ্যেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।ইপিনে, নগাঁও জিলাৰ লোক সকলে মূল প্ৰ-পত্ৰৰ বাবে বেংকৰ চালান কটাৰ ক্ষেত্ৰত এপেক্স বেংকৰ শাখাত ২৭৫টকা, অন্য ৰাষ্ট্ৰীয় বেংকৰ শাখাত ২৬৫টকাকৈ জমা দিব লগীয়া হৈছে।প্ৰচণ্ড ভিৰত বেংকত চালান কাটিবলৈ গৈ চৰম হাৰাশাস্থিৰ সন্মুখীন হ'ব লগীয়া হৈছে আবেদনকাৰী সকল।
তাৰোপৰি, নগাঁৱত মূল প্ৰমাণপত্ৰ পাবলৈ যি খন প্ৰ-পত্ৰ পূৰণ কৰি জমা দিব লাগে সেইখনৰ ক্ষেত্ৰতো এক ব্যৱসায় আৰম্ভ হৈছে।একাংশ লোকে এই প্ৰ-পত্ৰৰ একো একোটা ফটোষ্টেট কপি ৫ টকাৰ পৰা ১০টকা মূল্যত বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছে।ইপিনে, প্ৰ-পত্ৰ খন নগাঁও সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত জমা লোৱাৰ ক্ষেত্ৰতো এক ৰমৰমীয়া বেহা আৰম্ভ কৰিছে একাংশ অৰ্থলিপ্সু কৰ্মচাৰীয়ে। অভিযোগ অনুসৰি, কাৰ্যালয়টোৰ এজন কৰ্মচাৰীয়ে প্ৰ-পত্ৰ জমা লওঁতে একো গৰাকী লোকৰ পৰা ৫০০টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই বিষয়ে বিদ্যালয় পৰিদৰ্শকক অভিযোগ দিয়ো কোনো সুফল নোপোৱাৰ অভিযোগ কৰিছে ভূক্তভোগীয়ে
- Log in to post comments
- 22 views